

পাঁচ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ শাসকীয় ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী তথা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিৰোধী ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তেওঁলোকৰ প্ৰচাৰো তুংগত উঠিছে। এনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে এইবাৰৰ নিৰ্বাচনেই হৈছে তেওঁৰ শেষ নিৰ্বাচন।
যদি তেওঁ এইবাৰৰ নিৰ্বাচনত পৰাস্ত হয়, তেন্তে পুনৰ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰে। বৰ্তমান ট্ৰাম্পৰ বয়স হৈছে ৭৮ বছৰ। গতিকে এইবাৰৰ নিৰ্বাচনত তেওঁ জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ ‘ফুল মেজাৰ’ নামৰ এটা সাক্ষাতকাৰত তেওঁ পৰাস্ত হ’লে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।