
ইউ এছ টি এমক লৈ খং উপশম হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সংবাদ মাধ্যমৰ সন্মুখত ইউ এছ টি এমক লৈ পুনৰ সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী।
ইউ এছ টি এমৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
ইয়াৰ বাবে চৰকাৰে বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁ কয় যে ইউ এছ টি এমৰ শিক্ষাৰ্থীয়ে অসমত চাকৰি লাভ কৰিবলৈ অৱতীৰ্ণ হব লাগিব আন এটা বেলেগ পৰীক্ষাত।
ইউ এছ টি এমৰ ওপৰত তেওঁৰ অলপ বেছি খং উঠি আছে বুলিও মন্তব্য কৰিলে শৰ্মাই।
মুখ্যমন্ত্ৰীৰ মন্তব্য, “ইউ এছ টি এমে আমাক চেলেঞ্জ দিছে। তেওঁলোকে বুজি পোৱা উচিত যে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে চেলেঞ্জ দিছে