USTMলৈ গ’লে মক্কালৈ যোৱাৰ দৰে অনুভৱ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ক’লে এই কথা…

ডিজিটেল ডেস্কঃ মুখত হিন্দু-মুছলমানৰ নাম নল’লে ভাত হজম নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীৰ কৃত্ৰিম বান প্ৰংসগত মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (ইউএছটিএম)ক জগৰীয়া এইবাৰ চিধাই প্ৰসংগক টানি লৈ গ’ল হিন্দু-মুছলমানৰ মাজলৈ। ইউ এছ টি এমলৈ গ’লে মক্কালৈকে গৈছো নে গুৱাহাটীতে আছো ধৰিবই নোৱাৰি বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়খনৰ মালিক মুছলমান হোৱাৰ বাবেই কংগ্ৰেছে তেওঁলোকৰ পক্ষ লৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ইফালে সাংবাদিক সন্মুখত এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগও টানি আনিলে হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈয়ে ২৫ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে যোৰাবাটক জগৰীয়া কৰি গৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ”তৰুণ গগৈয়েই গুৱাহাটীৰ কৃত্ৰিম বানৰ কাৰণ যোৰাবাট বুলি কৈছিল। তেওঁ কোৱা কথাৰ ২৫ খন পেপাৰ কাটিং এতিয়ালৈকে মই উলিয়াইছো। তেওঁতো অখিল গগৈকো জগৰীয়া কৰি থৈ গৈছো, কিন্তু সেইটো এটা বেলেগ বিষয়, মই ক’বলৈ নাযাও। মইতো তৰুণ গগৈয়ে কোৱা কথাকেই কৈছো।’’

ইউ এছ টি এম উত্তৰ-পূবৰ গৌৰৱ হ’ব পাৰে, কিন্তু অসমৰ গৌৰৱ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে। তেওঁ কয়, ”তালৈ গ’লে মক্কালৈ গৈছে নে গুৱাহাটীলৈ গৈছে গমেই নাপায়। সেইখন হ’ব পাৰে উত্তৰ-পূবৰ গৌৰৱ, কিন্তু অসমৰ গৌৰৱ নহয়, অসমৰ সংকট।’’

ইউ এছ টি এমত মক্কাৰ তলেৰে যাবলৈ লাজ লাগে বুলি মন্তব্য কৰি শৰ্মাই কয়, ”অসমত তিনিটা সম্প্ৰদায় আছে, তাত কিয় অকল মক্কাহে নিৰ্মাণ কৰা হ’ল? কংগ্ৰেছে ক’লে নেকি যে তাত বৰদোৱাৰ গেট এখনো বনাওক বা ডনস্ক’ৰ চাৰ্ছ এখনো বনাওক। এইখন কেনেকৈ অসমৰ গৌৰৱ হ’ল?’’

ইউ এছ টি এমত ‘জেহাদৰ বাপ’ কৰি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তাত আমাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি আছে। তেওঁ কয়, ” জেহাদ মই কম কৈছো। তাত যদি আমাৰ বৰদোৱাৰ সংস্কৃতি থাকিলেহেঁতেন গৈ ভাল লাগিলহেঁতেন, কিন্তু এটা ধৰ্ম কিয়? এয়া জেহাদ নহ’ল নেকি?’’

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    One thought on “USTMলৈ গ’লে মক্কালৈ যোৱাৰ দৰে অনুভৱ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ক’লে এই কথা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ