দিল্লীত উপস্থিত হোৱা বীৰাংগনা বিনেশ ফোগাটক হাজাৰ হাজাৰ লোকৰ আদৰণি

পেৰিছ অলিম্পিক ২০২৪ত সোণৰ পদক লাভৰ সম্ভাৱনা থকাৰ পাছতো ওজনৰ বাবে ফাইনেলখনত অৱতীৰ্ণ হ’ব নোৱাৰা মহিলা মল্লযোদ্ধা বীৰাংগনা বিনেশ ফোগাট আজি দেশত উপস্থিত হৈছে৷ পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ আদালতত চলা গোচৰত নিৰাশ কৰা হয় বিনেশ ফোগাটক৷ তাৰ পাছতে আজি পেৰিছৰ পৰা দিল্লীত উপস্থিত হয় বিনেশ ফোগাট৷ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে হাজাৰ হাজাৰ লোকে তেওঁক আদৰণি জনায়৷ ঢোল, পেঁপা বজাই দেশৰ কন্যাগৰাকীক আদৰে ৰাইজে৷

টকাৰ মালা, ফুলৰ মালা আদি পিন্ধাই খোলা গাড়ীত ভ্ৰমণ কৰাই৷ দিল্লী বিমানবন্দৰৰ পৰা বালালীলৈ আদৰণি নিয়া হ’ব বিনেশক৷ তেওঁৰ সন্মানাৰ্থে আজি হাৰিয়ানাৰ বালালী গাঁৱত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ বিনেশক খাপ পঞ্চায়ত আৰু সামাজিক সংগঠনসমূহে সোণৰ পদক বিজয়ী হিচাপে সন্মানিত কৰিব। গাওঁখনত দুদিন পূৰ্বৰ পৰাই অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলি আছে। অনুষ্ঠানলৈ অহা অতিথিসকলক দেশী ঘিউৰ ব্যঞ্জন পৰিৱেশন কৰা হ’ব।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে