আজি ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন…

আজি ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি হৈছে ক্ৰমে ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি ।

এই পাঁচটা বিধানসভা সমষ্টিৰ বিধায়ক কেইগৰাকী সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । উল্লেখ্য যে ঢলাই বিধানসভা সমষ্টিৰ পৰিমল শুক্লবৈদ্য, বিহালীৰ ৰঞ্জিত দত্ত, চামগুৰিৰ ৰকিবুল হুছেইন, বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া চলিব আবেলি ৫ বজালৈ।ভোটদাতাসকলে নিজ নিজ আধাৰ কাৰ্ড, পেন কার্ড, বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, ড্ৰাইভিং লাইচেঞ্চ, ফটো সংলগ্ন থকা পেন্সনৰ তথ্য, চৰকাৰী পৰিচয় পত্ৰ ইত্যাদি (১২ খন পৰিচয় পত্ৰৰ যিকোনো এখন) লগত আনিলেও ভোটদান কৰিব পাৰিব । আজি পাঁচটা সমষ্টিৰ ৯,০৯,০৫৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ।

সমষ্টি অনুসৰি প্ৰাৰ্থীসকল-

বঙাইগাঁও সমষ্টিত অৱতীৰ্ণ হৈছে আঠগৰাকী প্ৰাৰ্থী :

  1. অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ
  3. এছ ইউ চি আইৰ প্ৰাৰ্থী মৃত্যুঞ্জয় ৰাভা
  4. নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ
  5. নিৰ্দলীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰ
  6. নিৰ্দলীয় প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন
  7. নিৰ্দলীয় প্ৰাৰ্থী গৌতম ৰায়
  8. নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস

চামগুৰি সমষ্টিত অৱতীৰ্ণ হৈছে ১১ গৰাকী প্ৰাৰ্থী:

  1. বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন
  3. আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী
  4. এছ ইউ চি আইৰ প্ৰাৰ্থী আব্দুছ চবুৰ মিঞা
  5. ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী বীৰেন বসাক
  6. ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী ৰবুল হক
  7. নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা খাতুন
  8. নিৰ্দলীয় প্ৰাৰ্থী শশী তাতী
  9. নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম
  10. নিৰ্দলীয় প্ৰাৰ্থী মুচাব্বিৰ আলি আহমেদ
  11. নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মাজিদ

ধলাই সমষ্টিত অৱতীৰ্ণ আঠগৰাকী প্ৰাৰ্থী :

  1. বিজেপিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থ
  3. এছ ইউ চি আইৰ প্ৰাৰ্থী গৌৰ চন্দ্ৰ দাস
  4. নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস
  5. নিৰ্দলীয় প্ৰাৰ্থী ধীৰাজ দাস
  6. নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী
  7. নিৰ্দলীয় প্ৰাৰ্থী পৰিমল দাস
  8. নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস

বিহালী সমষ্টিত অৱতীৰ্ণ হৈছে চাৰিগৰাকী প্ৰাৰ্থী:

  1. বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা
  3. চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী
  4. আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈ

চিদলী সমষ্টিত অৱতীৰ্ণ হৈছে তিনিগৰাকী প্ৰাৰ্থী:

  1. ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম (NDA)
  2. বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী
  3. কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী
  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে