তিনি দিনলৈ জলসংকটত ভূগিব মহানগৰবাসী…

গুৱাহাটী জলব’ৰ্ডে জাৰি কৰা এখন বিশেষ জাননী ৷ এই জাননীখনে চিন্তিত কৰি তুলিছে একাংশ মহানগৰবাসীক ৷ কাৰণ আজিৰে পৰা আগন্তুক তিনিদিনলৈ তীব্ৰ পানীৰ সংকটত ভুগিব গুৱাহাটী মহানগৰবাসীয়ে । তথ্য মতে, আজিৰে পৰা তিনিদিনলৈ বন্ধ থাকিব জলব’ৰ্ডৰ পানী যোগান ।

জলব’ৰ্ডে জাৰি কৰা এই ৰাজহুৱা জাননীয়ে মহানগৰখনৰ এক বৃহৎ অঞ্চলৰ বাসিন্দাসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । উক্ত জাননী মতে, মহানগৰখনৰ এক বৃহৎ অঞ্চলৰ বাসিন্দাই আজিৰ পৰা অহা ১৭ নৱেম্বৰ পৰ্যন্ত লাভ নকৰিব জলব’ৰ্ডৰ পানী ।

জলব’ৰ্ডে বৃহস্পতিবাৰে জাৰি কৰা ৰাজহুৱা জাননীখনত উল্লেখ কৰা মতে, পাইপত থকা সুৰুঙাবোৰৰ স্থায়ী মেৰামতিৰ কাম কৰি আছে ৷ লগতে চলিত মাহৰ শেষলৈ পানী যোগান ধৰিব লগা স্থানসমূহত পাইপৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবেই মহানগৰীৰ একাংশ স্থানত পানী যোগান ব্যাহত থাকিব বুলি জাননীখনত উল্লেখ কৰা হৈছে ।

মহানগৰীৰ কোন কেইটা অঞ্চলত আজিৰ পৰা নাপাব পানী :

জলব’ৰ্ডৰ জাননী অনুসৰি, আজিৰ পৰা মহানগৰখনৰ অমিয় নগৰ, লিচুবাগান আৰু ৰামচা হিলৰ ৰিজাৰ্ভাৰৰ অন্তৰ্গত এলেকাৰ লোকে পানী নাপাব ৷ বিশেষকৈ পানীৰ যোগান ব্যাহত থকা অঞ্চলকেইটা ক্ৰমে –

  • অমিয় নগৰ
  • চানমাৰি
  • ৰাজগড়
  • লাচিত নগৰ
  • উলুবাৰী
  • ৰূপনগৰ
  • বৰা ছাৰ্ভিচ
  • গ্ৰেটাৰ জু-ৰোড
  • অনিল নগৰ
  • নবীন নগৰ
  • তৰুণ নগৰ
  • শ্ৰীনগৰ
  • ভাস্কৰ নগৰ
  • এম টি ৰোড
  • গীতানগৰ
  • অম্বিকাগিৰি নগৰ
  • সুন্দৰপুৰ
  • মাণিকনগৰ
  • হেঙেৰাবাৰী
  • স্বৰাজনগৰ
  • ড৹ জাকিৰ হুছেইন ৰোড
  • ডাউন টাউন
  • বৰ মটৰীয়া
  • ৰামচা হিল
  • লতাশিল
  • শিলপুখুৰী
  • পাণবজাৰ
  • খাৰঘুলি

এই ২৮ টা অঞ্চলৰ বৃহৎ এলেকাৰ বাসিন্দাসকলে ১৭ নৱেম্বৰ পৰ্যন্ত পানী লাভ নকৰিব বুলি উক্ত জাননীখনত জলব’ৰ্ডে প্ৰকাশ কৰিছে ।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…