
জম্মু-কাশ্মীৰৰ কথুৱা জিলাত এখন সভাত ভাষণ দি থকা অৱস্থাত মঞ্চত অজ্ঞান হৈ পৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে। কালি কথুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলজনক শ্ৰদ্ধাঞ্জলি জনাই থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।
ভাষণ দি থাকোঁতে খৰ্গেৰ মাতটো দুৰ্বল হৈ পৰিছিল আৰু হঠাতে তেওঁ অচেতন হৈ পৰে। লগে লগে মঞ্চত থকা আন লোকসকলে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে।
সুস্থ হৈ উঠাৰ পাছত খৰ্গে পুনৰ মঞ্চত আহি ভাষণ দি কয় যে মোৰ বয়স ৮৩ বছৰ, কিন্তু ইমান সোনকালে মই নমৰো। যেতিয়ালৈকে মোদীক অপসাৰণ কৰিব নোৱাৰো তেতিয়ালৈকে মই জীয়াই থাকিম। মই আপোনালোকৰ কথা শুনি যাম। মই জম্মু-কাশ্মীৰৰ বাবে সম্পূৰ্ণ ৰাজ্যৰ পোষকতা কৰি যাম।
১০ বছৰৰ মূৰত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ২০১৯ চনত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত এয়া প্ৰথম বিধানসভা নিৰ্বাচন। জম্মু-কাশ্মীৰৰ ৯০টা বিধানসভা সমষ্টিৰ ভিতৰত ৭টা অনুসূচিত জাতিৰ বাবে আৰু ৯টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।
১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১ অক্টোবৰত হ’ব। ৮ অক্টোবৰত আহিব এই ফলাফল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ইয়াত ৮৮.০৬ লাখ ভোটাৰ আছে।