বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ কোন কোন টেষ্ট চেম্পিয়নশ্বিপৰ দাবীদাৰ…

১১ জুন, ২০২৫ৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপ কাৰ কাৰ মাজত অনুষ্ঠিত হ’ব তাক লৈ ইতিমধ্যে ব্যাপক  চৰ্চা আৰম্ভ হৈছে।

মূল যুঁজখন অব্যাহত আছে ভাৰত, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নিউজিলেণ্ডৰ মাজতেই। যদিও প্ৰত্যাহ্বান আছে তথাপিও টেষ্ট চেম্পিয়নশ্বিপ ভাৰতৰ হাতৰ পৰা ওলাই যোৱা নাই।বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৌৰৰ পৰা ইতিমধ্যে ৱেষ্ট ইণ্ডিজ, বাংলাদেশ, পাকিস্তান, ইংলেণ্ডৰ দৰে দল বাহিৰ হৈছে।

এতিয়াও ভাৰতীয় দলটোৰ হাতত আছে অৱশিষ্ট ৬ খনকৈ টেষ্ট। এই ৬ খন টেষ্টৰ ভিতৰত ৪ খনত জয়ী হোৱাৰ উপৰিও আন এখনত ড্ৰ’ খেলিব পাৰিলেই ভাৰতে টেষ্ট চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব।

এনে বিজয়ৰ ফলতেই ভাৰতৰ টেষ্ট চেম্পিয়নশ্বিৰ যোগত্যা অৰ্জনৰ সম্ভাৱনীয়তা ৬৫.৭৮ শতাংশলৈ বৃদ্ধি পাব। এই সংখ্যা অতিক্ৰম কৰাৰ সম্ভাৱনীয়তা আন দলৰ নাথাকিব।

কেৱল দক্ষিণ আফ্ৰিকা বা শ্ৰীলংকাই ইয়াক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব যদিও তেওঁলোকৰ মাজতেই পইণ্টৰ মূল যুঁজখন চলিব। নিউজিলেণ্ডেও তেওঁলোকৰ বাকী থকা সকলো বোৰ টেষ্ট জিকিলেও তেওঁলোকে জয়ৰ শতাংশ ৬৪.৩% ৰ অধিক নহ’বগৈ।

ভাৰতে যদি অবশিষ্ট ৬ খন টেষ্টৰ ৩ খনো জয় কৰে আৰু ৩ খন ড্ৰ’ খেলে সেয়াও টেষ্ট চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জনৰ বাবে পৰ্যাপ্ত হ’ব।

দক্ষিণ আফ্ৰিকাৰ হাতত আছে ৫ খন টেষ্ট। এই আটাইকেইখন টেষ্টত বিজয় সাব্যস্ত কৰিব পাৰিলে দলটোৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁলোকৰ স্থান নিশ্চিত হ’ব।

কিন্তু ইয়াৰ এখনো টেষ্টত যদি দলটো পৰাস্ত হয় তেন্তে তেওঁলোকৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ খেলাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব। দলটোৱে যদি ৫ খন টেষ্টৰ চাৰিখন জয় কৰি এখন ড্ৰ’ খেলে তেতিয়াও তেওঁলোকৰ টেষ্ট চেম্পিয়নশ্বিপ খেলাৰ সম্ভাৱনীয়তা ৬৩.৯ শতাংশহে হ’বগৈ।

অষ্ট্ৰেলিয়াৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ হয়তো বহু সহজ হৈ আছে। দেশৰ মাটিত ভাৰতৰ লগত খেলিব ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী। তাৰ পাছত খেলিব শ্ৰীলংকাৰ বিৰুদ্ধে। নিশ্চিতভাৱে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াই ফেভাৰিট হ’ব।

সেই অনুসৰিয়েই যদি দলটোৱে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী জয় কৰে আৰু শ্ৰীলংকাক পৰাস্ত কৰে তেওঁলোকে এইবাৰো ফাইনেল খেলাতো নিশ্চিত। দলটোৱে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত যদি ভাৰতক ৩-২ ব্যৱধানতো পৰাস্ত কৰে আৰু শ্ৰীলংকাক ২-০  ব্যৱধানত পৰাস্ত কৰে তথাপিও ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। মুঠতে যেনেকৈয়ে হওক দলটোক প্ৰয়োজন মাত্ৰ পাঁচখন টেষ্টৰ বিজয়।

যদিহে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতৰ হাতত ৩-২ ব্যৱধানত অষ্ট্ৰেলিয়া পৰাস্ত হয় আৰু শ্ৰীলংকাৰ হাতত ২-০ ব্যৱধানত বিজয়ী হয় তেন্তে দলটোৰ টেষ্ট চেম্পিয়নশ্বিপ খেলাৰ সকলোবোৰ নিৰ্ভৰ কৰিব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ ওপৰত। দক্ষিণ আফ্ৰিকাই যদি বাকী থকা ৫ খনৰ ভিতৰত অতি কমেও ৪ খনত জয় লাভ নকৰে তেন্তে অষ্ট্ৰেলিয়াৰ পথ সুগম।

সেইদৰে নিউজিলেণ্ডো যাতে অৱশিষ্ট ৪ খনৰ আটাইকেইখনতে জয়ী নহয় তাৰ বাবেও প্ৰাৰ্থনা কৰিব লাগিব অষ্ট্ৰেলিয়াই। নিউজিলেণ্ডৰো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ খেলাৰ বাট বন্ধ হোৱা নাই। দলটোৰ হাতত থকা ৪ খন টেষ্টৰ যদি আটাইকেইখনতে বিজয়ী হয় তেন্তে তেওঁলোকৰ টেষ্ট চেম্পিয়নশ্বিপ খেলাৰ সম্ভাৱনীয়তা ৬৪ শতাংশলৈ বৃদ্ধি পাব।

সেয়ে দলটোৱে এতিয়া দক্ষিণ আফ্ৰিকাই যাতে অৱশিষ্ট সকলো টেষ্ট জিকিব নোৱাৰে আৰু অষ্ট্ৰেলিয়া, ভাৰতে ‍৪ খনতকৈ অধিক টেষ্ট জিকিব নোৱাৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। শ্ৰীলংকাৰ অৱস্থাও দক্ষিণ আফ্ৰিকাৰ দৰেই।

যদি দলটোৱে তেওঁলোকৰ অৱশিষ্ট সকলো টেষ্ট জয়ী হয় তেতিয়াহ’লে তেওঁলোকৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ আছে। উল্লেখ্য যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-২০২৫ ৰ চাইকেলত এতিয়া ২০ খন টেষ্ট বাকী আছে।

প্ৰতিটো দলৰ বাবে এই আটাইবোৰ টেষ্ট এতিয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ অৱশিষ্ট দুখন টেষ্ট আৰু দক্ষিণ আফ্ৰিকা-বাংলাদেশৰ টেষ্ট শৃংখলাৰ পাছত সকলো বিষয় অধিক স্পষ্ট হৈ পৰিব।

  • Related Posts

    কাটাৰৰ আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণ

    আমেৰিকাই ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি ইৰাণে কাটাৰত থকা আমেৰিকান সেনাৰ বেছত ছয়টা মিছাইলেৰে আক্ৰমণ কৰে৷ আক্ৰমণৰ পিছতে কাতাৰৰ আকাশপথ সাময়িকভাৱে বন্ধ কৰা হৈছে৷ আজি ইৰানে কাটাৰৰ আকাশপথ…

    ৭১ত পাকিস্তানে জমা দিয়া বন্দুককেইটা ১০টাকৈ গুলী ভৰাই আমাক দিয়কঃ বেলুচ আৰ্মী

    পাকিস্তানৰ বেলুচিস্তান অঞ্চলৰ স্বাধীনতা দাবীত বিদ্ৰোহ কৰি অহা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বিএলএফে শেহতীয়াকৈ পুনৰবাৰ সক্ৰিয় হৈছে৷ বেলুচ জাতিতাত্ত্বিক বিচ্ছিন্নতাবাদী সশস্ত্ৰ গোটে বেলুচিস্তান অঞ্চলৰ মুক্তিৰ দাবীত দীৰ্ঘকালে বিদ্ৰোহ কৰি গৈছে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে