

ডিজিটেল ডেস্কঃ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীক অন্যায়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰি ভাৰতীয় মূল্যত প্ৰায় ৫ কোটি টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল এলন মাস্কৰ এক্স (পূৰ্বে টুইটাৰ)য়ে। বাতৰি অনুসৰি, এক্সৰ আয়াৰলেণ্ডস্থিত ইউৰোপীয় মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰীজনক বলপূৰ্বকভাৱে পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল এক্স কৰ্তৃপক্ষই।
মঙলবাৰে নিয়োগ বিবাদৰ বিচাৰৰ দায়িত্বত থকা ৰাজ্যিক সংস্থা আয়াৰলেণ্ডৰ কৰ্মক্ষেত্ৰ সম্পৰ্ক আয়োগে জনোৱা মতে, পূৰ্বে টুইটাৰ নামেৰে জনাজাত ছ’চিয়েল নেটৱৰ্ক প্লেটফৰ্মটোৱে প্ৰাক্তন কৰ্মচাৰীজনক ৫ লাখ ৫০ হাজাৰ ইউৰো (৬০২,৬৪০ ডলাৰ)তকৈ অধিক ধন দিবলৈ নিৰ্দেশ দিয়া হৈছে। আইৰিছ সম্প্ৰচাৰক আৰ টি ইৰ মতে, এই সংস্থাটোৱে এতিয়ালৈকে প্ৰদান কৰা সৰ্বাধিক ধনৰাশি।
উল্লেখ্য যে, এলন মাস্কৰ এটা ই মেইলৰ উত্তৰ নিদিয়াৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত বৰ্খাস্ত কৰা হৈছিল গেৰী ৰুণী নামৰ জ্যেষ্ঠ কৰ্মচাৰীজনে। ২০১৩ চনৰ পৰাই টুইটাৰৰ সৈতে জড়িত জ্যেষ্ঠ কৰ্মচাৰীজনক বলপূৰ্বক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ পিছতে আদালতৰ কাষ চাপিছিল গেৰী ৰুণী।
শেহতীয়াকৈ আদালতে প্ৰাক্তন কৰ্মচাৰীজনৰ সপক্ষে ৰায় প্ৰদান কৰি তেওঁক ভাৰতীয় মূল্যত ৫ কোটিৰো অধিক টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ এক্সক নিৰ্দেশ দিছে।