অএনজিচিত সক্ৰিয় অসম বিৰোধী চক্ৰ, ড্ৰিলিং ৰীগ গটালে পুঁজিপতিক, ১০ সংগঠনৰ আন্দোলন ঘোষণা

প্ৰাকৃতিক গেছ নিগম চমুকৈ অএনজিচিয়ে উজনিৰ অসমৰ সক্ৰিয় ৰীগ এম-৪৯০০ অৱশেষত ব্যক্তিগত খণ্ডক গটোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চাউথ এছিয়া নামৰ পুঁজিপতি গোষ্ঠীটোক ড্ৰিলিং ৰীগ এম-৪৯০০ গতাই দিয়া হয়৷ আজি চাউথ এছিয়া গ্ৰুপে ৰীগটোৰ পৰিচালনাৰ দায়িত্ব চমজি লয়৷ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত লাকুৱা চাহ বাগিচাত নিগমৰ কৰ্মচাৰীয়ে ৰীগটোত কৰ্মৰত হৈ থকাৰ সময়তেই চাউথ এছিয়া নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পৰিচালনাৰ দায়িত্ব লোৱাত শিৱসাগৰ জিলাৰ দল-সংগঠন তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ দল-সংগঠনসমূহে প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তেই নিগমক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰাৰ লক্ষৰে সক্ৰিয় ড্ৰিলিং ৰীগ পুঁজিপতি গোষ্ঠী৷ সংগ্ৰামী সেনা অসমৰ সভাপতি পংকজ খাউণ্ডে কয় যে এতিয়া আৰু হাত সাৱতি বহি থকাৰ সময় নহয়৷ চকুৰ সন্মুখত নিগমক সম্পূৰ্ণৰূপে অসম বিৰোধী চক্ৰই ষড়যন্ত্ৰমূলক ভাৱে ব্যক্তিগত কৰণৰ উদ্দেশ্যে সক্ৰিয় ড্ৰিলিং ৰীগ ব্যক্তিগত ঠিকাদাৰৰ হাতত তুলি দিছে৷ এই কাৰ্যৰ বিৰুদ্ধে কাইলৈ পুঁৱাৰে পৰা আন্দোলনৰ কৰা হ’ব৷ কাইলৈ পুঁৱা দলমুখ চাৰিআলিত অৱস্থান ধৰ্মঘট, পৰহিলৈ পেট্ৰলিয়াম মন্ত্ৰী আৰু অএনজিচিৰ কাৰ্যবাহী সঞ্চালকৰ প্ৰতিমূৰ্তি দাহ কৰা হ’ব৷ অসম আৰু অসমীয়াৰ স্বাৰ্থ আৰু আৱেগ জড়িত অএনজিচি-এ এম -৪৯০০ নম্বৰৰ ৰীগটোৰ ব্যক্তিগত গোষ্ঠীলৈ হস্তান্তৰ প্ৰক্ৰিয়া বাতিল নকৰে তেন্তে অএনজিচিত অনিদিষ্টকালীন বন্ধৰ বিকল্প নাথাকিব বুলি সঁকিয়াই দিয়ে পংকজ খাউণ্ডে৷ ইফালে নিগমৰ কৰ্মচাৰী সন্থাক খিৰতী গাইৰ দৰে ব্যৱহাৰ কৰি দীৰ্ঘ সময় অএনজিচিৰ অসম বিৰোধী চক্ৰৰে সৈতে হাত মিলাই নিগমৰ ইটোৰ পিছত সিটো ৰীগ ব্যক্তিগত গোষ্ঠীক কমিচনৰ ভিত্তিত গতাই অহা বহু বিতৰ্কীত নেতাগৰাকীয়ে আজি অৱশ্যে লাকুৱা চাহ বাগিচাৰ এম-৪৯০০ উপস্থিত হৈভগা বিয়াত উৰুলি দিয়াৰ এক নাটক ৰচনা কৰে৷ ৰীগৰ নিবিদা, আনুষ্ঠানিকতা ইত্যাদি বিষয়সমূহৰ ক্ষেত্ৰত সুদীৰ্ঘ সময় মৌনতা অৱলম্বন কৰা বিতৰ্কিত নেতাগৰাকীয়ে আজি একাংশ সাংগো-পাংগোক লগত লৈ বিৰোধীতাৰ নামত নাটক ৰচনা কৰে৷ শিৱসাগৰ মঠাদাঙৰ পৰা কেইদিনমানৰ পূৰ্বে লাকুৱালৈ চিফ্টিং হোৱা ৰিগটো নিগমৰ স্থায়ী কৰ্মচাৰীসকলে বিগত এটা সপ্তাহে দিনে নিশাই শ্ৰম কৰি ড্ৰিলিঙৰ বাবে সাজু কৰিছিল৷ কিন্তু নিবিদাৰ চৰ্ত ৱৰ্ক অৰ্ডাৰত লিপিবদ্ধ নিৰ্দেশনা অনুসৰিয়েই চাউথ এছিয়াৰ স্বীকৃৰ্তি প্ৰাপ্ত ভুৱা নথিৰে সাক্ষাতকাৰত অৱতীৰ্ণ কৰ্মচাৰীসকলে নিগমৰ কৰ্মচাৰীৰ পৰা ৰীগটোৰ দায়িত্ব চমজি লয়৷ নাটকৰ দৃশ্য অনুসৰিয়েই ইমান দিনে মৌন থাকি আজিহে নিদ্ৰা ভংগ হোৱা নিগমৰ কৰ্মচাৰী সন্থাৰ বহু বিতৰ্কিত নেতাগৰাকীৰ লগতে এটা বেচৰকাৰী শ্ৰমিক সন্থাৰ আন এটা কুখ্যাত দালালৰ সৈতে মিলি ৰীগৰ চৌহদত উপস্থিত হৈ লম্ফ জম্ফৰে চাউথ এছিয়া গ্ৰুপৰ কৰ্মচাৰীক ৰীগৰ দায়িত্ব লোৱাত বাধা প্ৰদান কৰে৷

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ