
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত যাত্ৰা থমকি ৰ’ল অসম কন্যা লাভলীনা বৰগোঁহাইৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত দেওবাৰে মহিলাৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতে স্তব্ধ হৈ পৰে অলিম্পিকত অসমৰ বক্সাৰ গৰাকীৰ পদক জয়ৰ আশা।
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনত চীনৰ লি কিয়ানৰ হাতত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।
লক্ষণীয় যে, অলিম্পিকত লাভলীনাৰ যাত্ৰাৰ অন্ত পৰিলেও অৱশ্যে বৰ্তমানো অব্যাহত আছে ভাৰতৰ পদক জয়ৰ অভিযান। দেওবাৰে গ্ৰেট ব্রিটেইনৰ বিৰুদ্ধে ১-১ (শ্বুটআউটত ৩-২) গ’লত ৰোমাঞ্চকৰ জয়ৰ পাছত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দলটোৱে।
একেদৰে অলিম্পিকৰ আন আন ইভেণ্টত শ্বুটাৰ বিজয়বীৰ সিদ্ধু আৰু অনিশ ভানৱালাই ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল পুৰুষৰ অৰ্হতাত আশাব্যঞ্জক আৰম্ভণি কৰি প্ৰথম পৰ্যায়ত ক্ৰমে পঞ্চম আৰু সপ্তম স্থান দখল কৰে।