অসম বন্ধৰ দিয়াৰ ভাবুকি নাথ যোগী ছাত্ৰ সন্থাৰ, ৰণোজ পেগুক সকীয়নি

কোকৰাঝাৰঃ নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি বিধানসভাত ৰাজ্য চৰকাৰে উত্তৰ দিয়াৰ পাছতে সৰৱ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ সদৰ চহৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কোকৰাঝাৰ সদৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ট্ৰেফিক পইণ্টত জনজাতি পৰিক্ৰমা বিভাগৰ  মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে।

বিধানসভা অধিবেশনৰ পঞ্চম দিনটোত বিধায়ক অখিল গগৈৰ এক প্ৰশ্নোত্তোৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি উল্লেখ কৰিছিল।
ইয়াৰ পিছতে আজি জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে গৰজি উঠে নাথ যোগী ছাত্ৰ সন্থা। জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে।

ৰণোজ পেগুৰ মিথ্যাচাৰক ধিক্কাৰ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই। প্ৰতিবাদথলীত নাথ যোগীক জনজাতিকৰণৰ দাবীত বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হয়। লখিমপুৰৰ কেবিনেট বৈঠকত নাথ যোগীৰ বিভিন্ন সমস্যা সন্দৰ্ভত সিদ্ধান্ত নললে
ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ আৰু অসম বন্ধৰ ভাবুকি দিয়ে সন্থাই। প্ৰতিবাদথলীত আৰক্ষী উপস্থিত হৈ বাধাপ্ৰদান কৰে আৰু প্ৰতিবাদকাৰীক আটক কৰি থানাত ৰখা বুলি জানিব পৰা গৈছে।

editor

Related Posts

জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ