

অক্টোবৰ মাহৰ পৰা বিৰোধী কংগ্ৰেছে জোনাইৰ পৰা সোণাইলৈ কাৰ্যসূচী গ্ৰহণ কৰিব৷ এই কাৰ্যসূচীৰ সমানে কংগ্ৰেছে ডিজিটেল সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব৷ আজি এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাই কয় যে পূৰ্বে আমি ফৰ্ম ফিলাপ কৰি সদস্যভৰ্তি কৰো৷ কিন্তু এইবাৰ আমি ডিজিটেলী সদস্যভৰ্তি কৰিবলৈ প্ৰয়াস কৰিছো৷ পূৰ্বে ডিজিটেলী কৰিবলৈ প্ৰয়াস কৰা হৈছিল যদিও ১০ শতাংশহে ডিজিটেলী কৰিব পাৰিছিলো৷ ইপিনে বিজেপিৰ সদস্যভৰ্তি অভিযানক কটাক্ষ কৰি ভূপেন বৰাই কয় যে বিজেপিৰ সদস্য ভৰ্তি অভিযান হৈছে অৰুণোদয় আঁচনিৰ সৈতে জড়িত৷ অৰুণোদয় আঁচনিৰ সৈতে বিজেপিৰ সদস্যভৰ্তি কৰা হৈছে৷ ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি ভবেশ কলিতাই৷ যাৰ বাবে আমাৰ দলে বিজেপিৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ কিন্তু আমি তেনে নকৰো৷ আমি গাঁৱে গাঁৱে যাম৷ মই নিজেই গাঁৱলৈ যাম৷ আমি ৯২ সমষ্টিলৈ গৈ আৰ্থ-সামাজিক, ৰাজনৈতিক অভিযানৰ লগতে সদস্যভৰ্তি অভিযান চলাম৷