
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসম সচিবালয়ত অনুষ্ঠিত এখন সংবাদ-মেলত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশক লক্ষ্য কৰি চলোৱা এক গুপ্ত আঁচনিৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, ইছলামিক দেশসমূহৰ পৰা পৰিচালিত প্ৰায় ৫ হাজাৰ ফেচবুক একাউণ্ট এই মাহটোত অসমত অশান্তি সৃষ্টিৰ উদ্দেশ্যে অস্বাভাৱিকভাৱে সক্ৰিয় হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী, লখিমপুৰ, গোৱালপাৰা আৰু যোৰহাটত ঈদৰ পাছত ঘটা গোমাংস উদ্ধাৰৰ ঘটনাৰ উল্লেখ কৰি কয় — এই ঘটনাসমূহ কেবল এনেই নহয়; ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে। তেওঁ কয়, এই ঘটনাবোৰই এখন “আন্তর্জাতিক পৰিকল্পনা”ৰ অংশ হিচাপে কাম কৰি আছে, যাৰ জড়িতকাৰে ইছলামিক মৌলবাদী চক্ৰ।
তেওঁ কয়, “এইবাৰ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কত জনসাধাৰণৰ সঁহাৰি নোপোৱাৰ পিছত, গোমাংসক লৈ ৰাজনীতি আৰম্ভ কৰা হৈছে।”
তেওঁ লগতে কয়, গোহঁত, নামঘৰৰ ৫ কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত কুৰবানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পশুধন সুৰক্ষা আইন বলৱৎ কৰাৰ বাবে সকলো জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশনা দিয়া হৈছে।
৫ হাজাৰ বিদেশী ফেচবুক একাউণ্ট: গুপ্ত সমৰ্থন কংগ্ৰেছ নেতাৰ বাবে
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, “এজন অসম কংগ্ৰেছ নেতাক বাহিৰৰ দেশৰ পৰা সক্ৰিয়ভাৱে সমৰ্থন কৰা হৈছে। এই উদ্দেশ্যে বহু ফেচবুক পৃষ্ঠা খোলা হৈছে, আৰু কিছুমানৰ নিজৰ হোৱাটছএপ গোটো আছে।” যদিও তেওঁ কোনো নাম উল্লেখ নকৰিলে, এই মন্তব্য গৌৰৱ গগৈক লক্ষ্য কৰি কৰা বুলি অনুমান কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, এই বিদেশী একাউণ্টসমূহৰ উৎসস্থান হ’ল:
-
বাংলাদেশ: ৭,০০০+ একাউণ্ট
-
পাকিস্তান: ৩৫০+
-
মধ্যপ্ৰাচ্য: ৫০০+
-
লিবিয়া, তুৰ্কী, শ্ৰীলংকা, জাৰ্মানী, মৰক্কো, ওমান, পতুৰ্গাল আদি দেশৰ পৰা প্ৰচুৰ সক্ৰিয়তা দেখা গৈছে।
তেওঁ কয়, “এই একাউণ্টবোৰে কেবল কংগ্ৰেছ নেতাটোক সমৰ্থন নিদিয়ে, ইছলামিক মৌলবাদী মতাদৰ্শ, ফিলিস্তিন-ইৰানৰ পক্ষত সমৰ্থন আৰু ভাৰতৰ অভ্যন্তৰীণ স্থিতি নষ্ট কৰাৰ ধৰণৰ পোস্টো কৰিছে।”
চক্ৰটোৱে গুৱাহাটীত ঘাঁ বিছাৰিছে
মুখ্যমন্ত্ৰীগৰাকীয়ে সতৰ্কবাণী দিয়ে কয়, “এই একাউণ্টসমূহৰ বহু ব্যৱহাৰকাৰীয়ে গুৱাহাটী মহানগৰীৰ খাৰঘুলি, জিএছ ৰোড আদি স্থানত ভাৰা ঘৰ লৈছে। তেওঁলোকে অসমত থকা ইউটিউবাৰকো লগ ধৰিছে।”
তেওঁয়ে কয় যে গোচৰ ভিত্তিত ছাৰ্ভে চলি আছে, আৰু বিষয়টোক গুৰুত্বসহকাৰে লোৱা হৈছে।
দেশ-বিৰোধী এজেণ্ডা আৰু নির্বাচনলৈ লক্ষ্য
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, এই একাউণ্টসমূহ ফেচবুকৰ বাহিৰেও হোৱাটছএপ, টেলিগ্ৰাম আদিৰে পৰস্পৰৰ লগত যোগাযোগ ৰাখি আছে। তেওঁ স্পষ্টকৈ কয় — “এইটো প্ৰথমবাৰ, যেতিয়া অসমত বিদেশী শক্তিয়ে ৰাজনৈতিক হস্তক্ষেপৰ প্ৰচেষ্টা চলাইছে।”
মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে — “অসমৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এই ডিজিটেল ষড়যন্ত্ৰ আগবাঢ়ি আহিছে। আমি কেন্দ্ৰক ইতিমধ্যে অৱগত কৰিছো।”