

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ সুৱনিশিৰি জিলাত মঙলবাৰে সেনাৰ এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাত থিতাতে নিহত হয় তিনিগৰাকী ভাৰতীয় সেনা জোৱান। এই শোকাবহ দুৰ্ঘটনাত আন চাৰিজন জোৱান আহত হোৱাৰ খবৰ পোৱা হৈছে।
জানিব পৰা মতে, সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জোৱানসকলে ভাৰত-চীন সীমান্তত কৰ্তব্য পালন কৰি উভতি অহাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। শ্বহীদ জোৱান সকলৰ পৰিচয় হাবিলদাৰ নখাত সিং, নাইক মুকেশ কুমাৰ আৰু গ্ৰেণেডিয়াৰ আশীষ বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু সেনা বাহিনী উপস্থিত হৈ আহত জোৱানসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আৰ্মী ইষ্টাৰ্ণ কমাণ্ডৰ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি শ্বহীদ জোৱান কেইজনৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।