আজি গোৱালপাৰাত ৰাইজৰ দলৰ কাৰ্যালয় আৰু যোগদান কাৰ্যসূচীত অংশ লয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ গোৱালপাৰাত ৰাইজৰ দলৰ জিলা কাৰ্যালয় উদ্বোধন কৰাৰ লগতে অখিল গগৈৰ উপস্থিতিত ডেৰ-শতাধিক লোকে দলটোত যোগদান কৰে৷ অখিল গগৈয়ে বিৰোধীক একত্ৰিত হ’বলৈ আহ্বান জনায়৷ সমানে অখিল গগৈয়ে বিগত কেবাটাও দিনৰ দৰেই কংগ্ৰেছক আক্ৰমণ কৰে৷ কংগ্ৰেছক আক্ৰমণ কৰি কংগ্ৰেছে পুনৰ আমাৰ লগত আহিবই লাগিব বুলি দাবী কৰে৷ তাৰ বাহিৰে কংগ্ৰেছৰ হাতত উপায় নাই৷ কংগ্ৰেছে যিয়ে নকওক, যদি বিৰোধী ঐক্যমঞ্চৰ সৈতে নাথাকে তেতিয়া ২০২৬ চনত কংগ্ৰেছে গু হাৰণ দিব৷ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ এৰক৷ প্ৰতাৰণা, বিশ্বাসঘাতকতা আৰু কৰিব নালাগে বুলি কয় গগৈয়ে৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে গৰুৰ মাংসেৰে ভোজ দি চামগুৰিত জয়ী হোৱাৰ অভিযোগ অনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে কংগ্ৰেছে এতিয়া আৰু গোমাংসৰ কথা আনিব নালাগে৷ সাম্প্ৰদায়িক ৰাজনীতি কৰিব নালাগে৷ কোনে কি মাংস খায় সেয়া নিজৰ মতে খাব৷ ময়তো গাহৰি খামেই৷ মই গাহৰি খামেই৷ মই আহোম মানুহ৷ মই গাহৰি এৰিব নোৱাৰো৷ যাৰ যি ইচ্ছা যায় নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে৷ মুছলমানে গৰু মাংস খাই খাব৷ হিমন্ত বিশ্ব শৰ্মাই ইমান কিডাল লাগি আছে৷ ভোট বিচাৰি গৰুৰ মাংস দিব পাৰে৷ বাকী সময়ত গৰুৰ মাংস খাব নোৱাৰে৷ মই গাহৰি মাংস খাম৷ পৃথিৱীৰ কোনোবাই গাহৰি নাখাওক বুলি কৈ চাওকচোন, মই শুধাই এৰিম নেকি? হিমন্ত বিশ্ব শৰ্মাই মোক কওক আহোমে গাহৰি মাংস খাব নালাগে৷ হিমন্ত বিশ্ব শৰ্মাক মই ঘৰৰ পৰি উলিয়াই আনিম নে নাই চাই ল’ব৷ এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি৷ কোনো কি মাংস খায় খাই থাকিবলৈ দিয়ক৷ কংগ্ৰেছেও এইবোৰ কৈ থাকিব নালাগে৷ ২০২৬ চনত আমি কি কৰিম সেইটো ক’ব লাগে৷ কিয়নো ৰাইজ সাজু হৈছে৷ ২০২৬ চন পৰ্যন্ত এদিনো ঘৰত নুশুও বুলি উল্লেখ কৰি কয় যে ৰাতি শুম, দিনত দলৰ কাম কৰিম বিজেপিক হৰুৱাবলৈ৷ এয়া ৰাইজৰ দলৰ সংকল্প৷ কেন্দ্ৰীয় নেতৃত্বই সংকল্প লৈছে যে বিজেপি, অগপ, ইউপিপিএলৰ মিত্ৰ শক্তিক হৰুৱাব লাগিব৷ ২০২৬ চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল এআইইউডিএফ নিঃশেষ কৰিব লাগিব৷ বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ চৰ্দাৰ বদৰুদ্দিন আজমলক বাংলাদেশলৈ পঠিয়াই দিব লাগে৷ আনহাতে, অখিলে বিজেপিৰ অক্সিজেন লৈ এআইইউডিএফ দল জীয়াই আছে বুলি সকলোৱে জানে বুলি দাবী কৰে৷ অসম বিধানসভাত এআইইউডিএফৰ বিধায়কে সেই কেইটা কথা উল্লেখ কৰে যিকেইটা কথা উত্থাপন কৰিলে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব পাৰে৷ অসমত দুটা সাম্প্ৰদায়িক দল আছে৷ এটা হৈছে বিজেপি আনটো হৈছে এআইইউডিএফ৷ বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে এআইইউডিএফ৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…