আজি আছুৰ নেতৃত্বৰ ৩০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হয়৷ সভাত আছু আৰু ৩০ সংগঠনে শেহতকীয়া ছয় নং দফাক লৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ইতিবাচক বুলি উল্লেখ কৰে৷ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱজ সুনিশ্চিত কৰিবলৈ সময়ে সময়ে আলাপ-আলোচনা কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বৈঠকৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সংবাদমাধ্যমক সম্বোধন কৰি কয় যে ২০১০ চনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পাইলট প্ৰজেক্ট লোৱা হৈছিল৷ তেতিয়া বৰেপটাত এই প্ৰক্ৰিয়াটোক বিৰোধিতা কৰি এচামে হিংসা কৰিছিল৷ এনআৰচিৰ প্ৰক্ৰিয়াটোৰ বাবে জটিলতা আনিছিল৷ তেতিয়া সদৌ অস ছাত্ৰ সন্থা আৰু ২৬ জাতীয়-জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈছিল৷ আজি সেই ২৬ সংগঠনৰ পৰা গৈ ৩০ সংগঠন হৈছে৷ সেই ৩০ সংগঠনৰ আজি বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসম চুক্তিৰ ছয় নং দফাক লৈ গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰা বিষয়ত আলোচনা কৰা হয়৷ প্ৰতিবেদনক লৈ আজিৰ বৈঠকত পুংখানুপুংখ ভাৱে আলোচনা কৰো৷ সকলোৱে এটা কথাত উপনীত হও যে খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱজ লাগিবই৷ অসম চৰকাৰৰ সৈতে কৰা আলোচনাৰ কথাও ৩০ জনগোষ্ঠীয় সংগঠনক অৱগত কৰা হয়৷ সভাই অসম চৰকাৰে আৰম্ভ কৰা আলোচনাক ইতিবাচক বুলি অভিহিত কৰিছে৷ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ আওতাত থকা বিষয়সমূহ উভয় চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনায়৷ অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ’ব পৰাকৈ কেনেদৰে আগবাঢ়ি যাব পৰা যায় সেই কথাবোৰ আলাপ-আলোচনাৰ বাবে সময়ে সময়ে আলোচনাত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ ভূমি, সম্পদ, সকলো দিশৰ পৰা সুৰক্ষিত হ’বলৈ অসম চুক্তিৰ ছয় নং দফাৰ বিকল্প নাই বুলি দোহাৰিছে উৎপল শৰ্মাই৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…