
ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ আজি তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে দেশৰ নিৰ্বাচন আয়োগে। শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰিব আয়োগে।
জানিব পৰা মতে, আজি বিয়লি ৩ বজাত এক সংবাদ মেল সম্বোধন কৰিব দেশৰ নিৰ্বাচন আয়োগে। এই সংবাদ মেলতে ঘোষণা কৰা হ’ব জম্ম-কাশ্মীৰ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী।
কৰিব পাৰে ।
প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে ১৪ আগষ্টত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত মিলিত হৈছিল। যোৱা বছৰৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এইবাৰ সম্পূৰ্ণ ১০ বছৰৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ’ব জম্মু আৰু কাশ্মীৰত।
শেহতীয়াকৈ, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলে জম্বু-কাশ্মীৰত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। ভ্ৰমণকালত জম্মুত এখন সংবাদমেলত কুমাৰে গুৰুত্ব আৰোপ কৰিছিল যে আয়োগে তাত অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
ইফালে হাৰিয়ানাৰ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল অন্ত পৰিব চলিত বৰ্ষৰ ৩ নৱেম্বৰত। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ। একেদৰে ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্তমান চৰকাৰৰ কাৰ্যকাল ২০২৪ চনৰ অক্টোবৰত শেষ হ’ব।