

আজি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বাজেটক লৈ ভাষণ প্ৰদান কৰে৷ ৰাহুল গান্ধীয়ে ভাষণত মহাভাৰতৰ প্ৰসংগ টানি আহি অভিমন্যুক চক্ৰবেহুৰ কথা উল্লেখ কৰে৷ গান্ধীয়ে কয় যে
যেনেদৰে অভিমন্যুক চক্ৰবেহুত বন্দী কৰি হত্যা কৰিছিল, ঠিক তেনেদৰে সমগ্ৰ ভাৰতক বিজেপিৰ দ্বাৰা চক্ৰবেহুত বন্দী কৰা হৈছে। গান্ধীয়ে কয় যে দ্ৰোণাচাৰ্য, কৰ্ণ, কৃতবৰ্মা, শকুনি, কৃপাচাৰ্য, অশ্বত্থমাৰ দৰে বৰ্তমানৰ ৬ জন যেনে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, অজিত ডোভাল, আম্বানি আৰু আদানি।
সংসদত গান্ধীয়ে কয় যে হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক চক্ৰবেহুত বন্দী কৰি ৬ জন লোকে মিলি হত্যা কৰিছিল। ২১ শতিকাত নতুন চক্ৰবেহু তৈয়াৰ কৰা হৈছে৷ এই চক্ৰবেহুৰ আন এটা নাম পদ্মবেহু। পদমু ফুলৰ দৰেই আকাৰ হোৱাৰ বাবেই ইয়াক পদ্মবেহু বুলি কোৱা হয়। এইটোও পদুম ফুলৰ আঁকাৰৰ। প্ৰধানমন্ত্ৰীয়ে ইয়াক নিজৰ বুকুত লৈ ফুৰে। এই চক্ৰবেহুটোৱে দেশৰ কৃষক, ব্যৱসায়ী, অগ্নিবীৰ, শিক্ষাৰ্থী, নিবনুৱাসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে।