মহিলা-শিশুসহ ৬গৰাকীলোকক অপহৰণৰ পাছতে সমগ্ৰ মণিপুৰ ৰাজ্য বন্ধ ঘোষণা কৰিছে বিভিন্ন নাগৰিক সংগঠনে৷ সন্দেহযুক্ত উগ্ৰপন্থীয়ে ৰাজ্যখনৰ জিৰিবাম জিলাৰ বড়োবেক্ৰা আৰক্ষী থানাত আক্ৰমণ কৰাৰ কিছুসময় পাছতে তিনিগৰাকী মহিলা আৰু তিনিটা শিশু নিৰুদ্দেশ হৈ আছে৷ উগ্ৰপন্থীৰ দলটোৱে আৰক্ষী থানাত আক্ৰমণৰ পাছতে তিনিগৰাকী মহিলা আৰু তিনিটা শিশুক বন্দী কৰি লৈ যাব পাৰে বুলি সন্দেহ কৰিছে৷ বিভিন্ন অঞ্চলত সশস্ত্ৰ কুকি উগ্ৰপন্থীয়ে নিৰ্মম আক্ৰমণ, হত্যাকাণ্ড, অপহৰণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ নিন্দা প্ৰকাশ কৰাৰ লগতে ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে সামাজিক সংগঠনসমূহে৷ মণিপুৰৰ প্ৰান্তীয় অঞ্চলত পুনৰ হিংসাৰ ঘটনা সংঘটিত হোৱাত ১২ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ সন্ধিয়া ৬ বজালৈ মণিপুৰ বন্ধ ৰাখিবলৈ সকলো পক্ষক আহ্বান জনাই সংগঠনসমূহে৷ ইণ্টাৰনেচনেল পিচ এণ্ড ছ’চিয়েল এডাভচমেণ্ট, পিপলছ একচন ফৰ নেচনেল ডেমক্ৰেটিক মুভমেণ্ট, আৰু কাংলেইপাক লামজিং অপুনবা মীৰা পাইবি লুপকে ধৰি একডৰ্জন সংগঠনে বন্ধ ঘোষণা কৰিছে৷ এখন সংবাদমেলত সংগঠনসমূহে কয় যে শেহতীয়া হিংসাৰ মোকাবিলা কৰাত বিফল হৈছে ৰাজ্য চৰকাৰ৷ ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা ল’বলৈ আহ্বান জনায়। সংগঠনবোৰে জিৰিবাম জিলাত শিশু-মহিলাৰ অপহৰণত উদ্বেগ প্ৰকাশ কৰি চৰকাৰক হস্তক্ষেপ কৰিবলৈ আৰু সুৰক্ষিত অৱস্থাত মুক্তিৰ দাবী জনায়৷ জিৰিবামৰ মেইটেই সংস্থা জিৰি অপুনবা লুপে দাবী কৰা মতে, সন্ধানহীন হোৱা ছয়জন ব্যক্তি একেটা পৰিয়ালৰ। য়ুমৰেম্বাম ৰাণী দেৱী (৬০), তেলেম থইবি দেৱী (৩১) তেওঁৰ জীয়ৰী তেলেম থাজামানবি দেৱী (৮), লাইশ্ৰাম হেইথোইবি দেৱী (২৫) আৰু তেওঁৰ দুই সন্তান লাইশ্ৰাম চিংখেইঙ্গানবা সিং (আঢ়ৈ বছৰীয়া) আৰু লাইশ্ৰাম লামংবা সিং (১০ মাহ)। মণিপুৰ আৰক্ষীৰ আইজিপি জয়ন্ত সিঙে কয় যে সন্ধানহীন ছয়জন ব্যক্তিৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ কিন্তু সেই কথা আমি এতিয়াই নিশ্চিত কৰিব পৰা নাই৷ উদ্ধাৰ অভিযান চলি আছে আৰু মহিলা-শিশুক উদ্ধাৰ কৰিব নোৱাৰা পৰ্যন্ত অভিযান অব্যাহত থাকিব। আজিৰ সংবাদমেলত নাগৰিক সমাজে কয় যে আক্ৰমণৰ ফলত নিৰীহ লোকৰ জীৱন বিপদাপন্ন হৈছে৷ কিন্তু ইচ্ছা কৰিও আমি দুৰ্ভগীয়া লোকৰ কাষত থিয় দিব পৰা নাই৷ ৰাজ্য চৰকাৰ আৰু আৰক্ষীয়ে সংকটৰ সময়ত সঁহাৰি দিয়াত ব্যৰ্থ হৈছে৷ মানুহৰ সুৰক্ষাৰ ভয়ত দিন পাৰ কৰিছে৷ চৰকাৰক শান্তি আৰু শৃংখলা পুনৰুদ্ধাৰৰ বাবে দ্ৰুত আৰু নিৰ্ণায়ক পদক্ষেপ লওক। এই বন্ধ কেৱল শেহতীয়া উগ্ৰপন্থীৰ কাণ্ডৰ বিৰোধ কৰিবলৈ নহয়৷নাগৰিকসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ আৰু ন্যায় নিশ্চিত কৰিবলৈ চৰকাৰী পদক্ষেপক অধিক শক্তিশালী কৰাৰ আহ্বানত বন্ধ দিয়া হৈছে৷ পৰিস্থিতি উন্নত নোহোৱালৈকে আন্দোল নকৰি যোৱাৰ প্ৰতিশ্ৰুতি দি চৰকাৰক সতৰ্ক কৰি দিয়ে৷ অধিক হিংসা আৰু অপহৰণ প্ৰতিহত কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় নাগৰিক সমাজে৷ ইপিনে সোমবাৰে সাম্প্ৰদায়িক হিংসাত জৰৰ্জৰিত মণিপুৰত জিৰিবাম জিলাৰ চিআৰপিএফৰ এটা শিবিৰত আক্ৰমণ কৰিছিল কুকি উগ্ৰপন্থীয়ে। দুয়োপক্ষৰ মাজত হোৱা যুঁজত ১১ কুকি উগ্ৰপন্থী নিহত হয় আৰু চিআৰপিএফৰ এজন জোৱান আহত হৈছে। সোমবাৰে প্ৰথমে জিৰিবাম জিলাৰ বড়োবেক্ৰা অঞ্চলৰ উগ্ৰপন্থীয়ে বহু আৱাস গৃহত অগ্নিসংযোগ কৰি বড়োবেক্ৰা আৰক্ষী থানাক লক্ষ্য কৰি লয়। উগ্ৰপন্থীয়ে চিআৰপিএফ শিবিৰত আক্ৰমণৰ চেষ্টা চলোৱাত দুয়োপক্ষক সংঘৰ্ষত ১১ উগ্ৰপন্থী নিহত হয়।
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে
সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…