
বিদ্যুতৰ বিল, খাদ্য-সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে মানুহক জীয়াই থাকিব নোৱাৰা কৰিছে৷ তেনে সময়তে ৰাজ্য চৰকাৰে আম এক হঠকাৰি সিদ্ধান্ত লৈছে৷ ব্যক্তিগতো ব্যক্তিগতই, চৰকাৰী চিকিৎসা সেৱাও মহঙা কৰিব ৰাজ্য চৰকাৰে৷ ৰাজ্য চৰকাৰে লোৱা এক সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা দুগুণ হ’ব চৰকাৰী চিকিৎসাৰ মাচুল৷ চৰকাৰে ব্যয় বহুল কৰিব চৰকাৰী চিকিৎসা সেৱা৷ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত ২০ শতাংশ চিকিৎসা সেৱাৰ মাচুল গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে।
স্বাস্থ্য বিভাগে জাৰি কৰিবলগীয়া নতুন অধিসূচনা অনুসৰি ১ আগষ্টৰ পৰা অসমৰ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহৰ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰা হ’ব। ইয়াকে লৈ স্বাস্থ্য বিভাগে মাচুলৰ তালিকা প্ৰকাশ কৰিব৷ পৰীক্ষাৰ মাচুল, হাস্পতালৰ পঞ্জীয়ন মূল্য বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈছে৷ ৰাজ্যবাসীক দুই এদিনতে চিকিৎসা মহাবিদ্যালয়সমূহে সবিশেষ জনাব।