
ডিজিটেল জেস্কঃ ২০২৪ চনৰ অলিম্পিকত সংযুক্ত ৰূপৰ পদক লাভৰ বাবে মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আবেদন নাকচ কৰিছে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)য়ে। অৰ্ডাৰৰ অপাৰেটিভ অংশ আহি পাইছে, আনহাতে বিতং অৰ্ডাৰ পিছত আহিব। বুধবাৰে CASৰ প্ৰাৰম্ভিক আদেশত কোৱা হৈছে যে ২০২৪ চনৰ ৭ আগষ্টত বিনেশ ফ’গাটে দাখিল কৰা আবেদন খাৰিজ কৰা হৈছে। পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পুৱাতে ওজনৰ সীমা অতিক্ৰম কৰাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল বিনেশ ফ’গাটক। ওজনৰ সময়ত দেখা গৈছিল যে তেওঁৰ ওজন নিৰ্ধাৰিত সীমাতকৈ ১০০ গ্ৰাম বেছি।
অযোগ্য ঘোষণা কৰাৰ পিছত ফ’গাটে ৭ আগষ্টত ১৯৮৪ চনত সালিসীৰ জৰিয়তে ক্ৰীড়া সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰিবলৈ স্থাপিত আন্তঃৰাষ্ট্ৰীয় সংস্থা CASক যৌথ ৰূপৰ পদক প্ৰদান কৰিবলৈ অনুৰোধ জনায়।
এই আবেদন নাকচ হোৱাৰ পাছত ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ অধ্যক্ষ পিটি ঊষাই এই সিদ্ধান্তত আচৰিত আৰু হতাশা প্ৰকাশ কৰে। ভাৰতীয় অলিম্পিক সন্থাই কয় যে ইয়াৰ ‘সম্পূৰ্ণ তদন্ত’ৰ প্ৰয়োজন আৰু অধিক আইনী বিকল্পৰ সন্ধান চলাই থকা হৈছে।
ভাৰতীয় অলিম্পিক সন্থাই প্ৰকাশ কৰা বিবৃতিত কয় যে, “ভাৰতীয় অলিম্পিক সন্থাৰ দৃঢ় বিশ্বাস যে দুদিনৰ ভিতৰত দ্বিতীয় দিনটোত ওজন উলংঘাৰ বাবে এজন খেলুৱৈক সম্পূৰ্ণ অযোগ্য ঘোষণা কৰাটো সম্পূৰ্ণ তদন্তৰ বিষয়। আমাৰ আইনী প্ৰতিনিধিসকলে এই বিষয়ে অধিক বিকল্পৰ সন্ধান চলাই আছে।’’ আই অ’ এয়ে আৰু কয় যে বিনেশক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াব।