আমছু নেতাই আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে৷ নগাঁৱৰ স্বয়ম্ভু আমছু নেতা চৈয়দ আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্তাপন হৈছে৷ ইতিধ্যে জুৱাৰীৰ পৰা গুণ্ডটেক্স সংগ্ৰহৰ অডিঅ’ ক্লিপ ভাইৰেল হৈছে৷ সংখ্যালঘূ নেতাৰ কুকীৰ্তিয়ে নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সংখ্যালঘূ দৰদী একাংশ ইছলামধৰ্মী নেতাৰ বাবে আমছু সংগঠনটোক এতিয়া নোট ছপা মেচিনত পৰিণত কৰিছে৷ সংখ্যালঘূ দৰদী হোৱাৰ ভাও ধৰা নেতাই এতিয়া কেৱল ধন ঘটি গৈছে৷ নগাঁৱৰ আমছু নেতা চৈয়দ আহমেদে নগাঁৱৰ সুতিৰপাৰ আৰক্ষীৰ নামত ৩ হাজাৰকৈ গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে৷
মান-সন্মান বিক্ৰী কৰি খোৱা চৈয়দ আহমেদে জুৱাৰীক দুৱা খেলাৰ পতাৰ অনুমতি প্ৰদানৰ নামত ৩ হাজাৰকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ চৈয়দ আহমেদে সুতিৰপাৰ আৰক্ষীৰ নামত জুৱাৰীৰ পৰা প্ৰতিদিনে ৩ হাজাৰকৈ টকা সংগ্ৰহ কৰে৷ জুৱাৰীৰ পৰা টকা লেনদেনৰ বাৰ্তালাপ বন্দী হৈছে গোপন কেমেৰাত৷ সংখ্যালঘূ নেতাই যেতিয়া অসামাজিক কৰ্মত লিপ্ত হয় তেতিয়া সমাজখনৰ সংস্কাৰ হ’ব কেনেকৈ? চৈয়দ আহমেদক গুণ্ডাটেক্স সংগ্ৰহৰ লাইচেন্স দিছে নেকি আৰক্ষীয়ে?