
শ্ৰীভূমিৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদেশমৰ্মে ইউনিভাৰ্চিটি অফ ছাইঞ্চ এণ্ড টেকন’লজি, মেঘালয় (ইউএছটিএম)ৰ আচাৰ্য ড° মহবুবুল হকক ৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। লগতে একে গোচৰত আন পাঁচগৰাকী অভিযুক্তকো একে সময়ৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
আদালতৰ উক্ত নিৰ্দেশমৰ্মে হিৰামণি শইকীয়া, বিজয় দত্ত, ৰেজাক আলী, নুমান আহমেদ আৰু ইমদাদুৰ ৰহমানকো আৰক্ষীয়ে চাৰিদিনীয়া জিম্মাত লৈ ছে। ইতিপূৰ্বে আৰক্ষীয়ে অভিযুক্তসকলক ৭দিনৰ বাবে জিম্মাত ৰাখিবলৈ আবেদন জনাইছিল। যদিও আদালতে চাৰিদিনৰ জিম্মা মঞ্জুৰ কৰে।
আৰক্ষী সূত্ৰই কয় যে, গোচৰৰ সত্যতা আৰু অভিযুক্তসকলৰ সম্পৰ্কত জেৰা চলোৱা হৈছে। এইক্ষেত্ৰত উল্লেখযোগ্য প্ৰমাণ আদি উদ্ধাৰৰ বাবে জিম্মাত লোৱা হৈছে।
আৰক্ষী জিম্মা শেষ হ’লেই অভিযুক্তসকলক পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।