ইউপিপিএলত যোগদান হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ খাম্ফা বৰগয়াৰীৰ

বিপিএফত ৰাজনৈতিক যাত্ৰা সামৰি আজি ইউপিপিএলত আন এক যাত্ৰাৰ বাবে সাজু হৈ আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগ দিয়ে খাম্ফা বৰগয়াৰীয়ে৷ লোকসভা নিৰ্বাচনত মাথোঁ ৫১ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছৰে পৰা খাম্ফা দলৰ একাংশ নেতাৰ বিৰুদ্ধে নাৰাজ হৈ আছিল৷ ক্ৰমে হাগ্ৰামা মহিলাৰী আৰু আন আন নেতাসকলৰ সৈতে ব্যৱধান বৃদ্ধি পোৱাত খাম্ফাই অৱশেষত ৰাজনৈতিক শিবিৰ সলনি কৰিবলৈ ২ ফেব্ৰুৱাৰীত বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদানৰ ঘোষণা কৰিছিল৷ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত পূৰ্বৰ এখন সংবাদমেলত বৰগয়াৰীয়ে বিপিএফৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি দলটোত সঠিত দিশৰ অভাৱ আৰু প্ৰগতিশীল পৰিৱৰ্তনক প্ৰতিৰোধ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সিদ্ধান্ত বাহ্যিক চাপ অবিহনে লোৱা হৈছে৷ সেই অনুসৰি আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৗৰা নাৰ্জাৰী, গোবিন্দ বসুমতাৰীৰ উপস্থিতিত ইউপিপিএলত যোগদানৰ ঘোষণা কৰে৷ আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতাৰ থাইকাঝোৰাত ইউপিপিএলৰ এক বিশাল যোগদান সভা অনুষ্ঠিত হয়৷ এই সভাতে পাঁচ শতাধিক সমৰ্থকক লৈ  ইউপিপিএলত যোগ দিয়ে এসময়ৰ বিপিএফ দলৰ প্ৰভাৱশালী নেতা তথা বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰী। সভাত যোগদান কৰিবলৈ অহাৰ সময়ত দলটোৰ প্ৰতীক ট্ৰেক্টৰ যোগে আদৰণি জনায়৷ পৰম্পৰাগত অৰনাই আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়। প্ৰমোদ বড়োৱে বৰগয়াৰীৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে আৰু বিটিআৰ অঞ্চলত শান্তি আৰু প্ৰগতিৰ সামূহিক লক্ষ্যক গুৰুত্ব আৰোপ কৰি সকলো নতুন সদস্যক আদৰণি জনায়।

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…