উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ

অসম সন্মিলিত মহাসংঘই তৰা গোচৰত আজি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান প্ৰদান কৰে৷ পূৰ্বে সংৰক্ষিত ৰায় উচ্চতম ন্যায়ালয়ে আজি ঘোষণা কৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ নিৰ্ধাৰণ কৰে৷ ২০২৩ চনৰ ১২ ডিচেম্বৰত গোচৰৰ ৰায় সংৰক্ষিত কৰা হৈছিল৷ এক কথাতে ক’বলৈ গ’লে অসম চুক্তিক মান্যতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে৷ যি কথা অসমত চুক্তিত উল্লেখ আছিল৷ এই ৰায়ক ঐতিহাসিক বুলি গণ্য কৰা হৈছে৷ বিদেশী নাগৰিকৰ চিনাক্তকৰণক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায় মতে, ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে ৰায় ঘোষণা দিয়ে। পাঁচজনীয়া বিচাৰপীঠৰ ভিতৰত মুখ্য ন্যায়াধীশকে ধৰি চাৰিজনে ন্যায়াধীশে ১৯৭১ চনক ভিত্তিবৰ্ষ কৰাৰ সপক্ষে ৰায়দান কৰে৷ আনহাতে ন্যায়াধীশ জে বি পাৰ্দিৱালাই ১৯৫১ চনক ভিত্তিবৰ্ষৰ কৰাৰ সপক্ষে ৰায়দান কৰে। সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ১৯৭১ চন অসমৰ বাবে ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হয়৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে। এই ধাৰাত উল্লেখ মতে, বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰা। ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা ৬এ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছিল অসম সন্মিলিত মহাসংঘই নেতা মতিউৰ ৰহমানে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম পাব্লিক ৱৰ্কছো এই গোচৰৰ এটা পক্ষ আছিল৷ অসম পাব্লিক ৱাৰ্কছে কয় যে এতিয়া কোনো সমস্যা নাই৷ এতিয়া চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ন কৰিব লাগে৷ আদালতত চৰকাৰে শপতনামা দি এনআৰচিৰ খচৰাত বাদ পৰা ১৯ লাখ লোকৰ ভোটাধিকাৰ কৰ্তন কৰিব লাগে৷ আনহাতে, আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেয়ে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে নাগৰিকত্ব আইনৰ ৬ক দফা। সাংবিধানিক বিচাৰপীঠৰ ৪ঃ১ সংখ্যাধিক্যৰে নাগৰিকত্ব আইনৰ ৬(ক) দফা সাংবিধানিকভাৱে বৈধ ঘোষণা কৰা হ’ল। অসম চুক্তি অনুসৰি ১৯৭১ চনেই থাকিব বিদেশী বিতাৰণৰ ভিত্তিবৰ্ষ। এই ৰায়ে পুনৰ প্ৰতিষ্ঠা কৰিলে অসম আন্দোলন আৰু অসম চুক্তিৰ যুক্তিযুক্ততা। এই জয় অসম চুক্তিৰ সপক্ষে যোৱা চাৰি দশকে নিঃস্বাৰ্থভাৱে থিয় হৈ অহা অসমৰ সংগ্ৰামী জনসাধাৰণৰ জয়। এই জয় সদৌ অসম ছাত্ৰ সন্থাৰ জয়, সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ অংশীদাৰ প্ৰতিটো সংগঠনৰ জয়। এই ঐতিহাসিক ক্ষণত জাতীয় শ্বহীদসকললৈ সেৱা নিবেদিছো। অসম চুক্তিৰ প্ৰতিটো দফা নিখুঁতভাবে ৰূপায়ণ কৰিবলৈ পুনৰ দাবী জনাইছো।

  • Related Posts

    ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…

    ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…

     মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…