
বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি মাথো ১ লাখ ৩৭ হাজাৰ ভোট লাভ কৰা মনোজ ধানোৱাৰক আপ অসমৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে৷ আজি মনোজ ধানোৱাৰক নতুন ৰাজ্যিক সভাপতি নিযুক্তি দিছে ৰাষ্ট্ৰীয় সমিতিয়ে৷ পূৰ্বে ৰাজ্যিক সভাপতি আছিল ভবেন চৌধুৰী৷ ভবেন চৌধুৰীক পদোন্নতি দি ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে৷ সৰ্বভাৰতীয় সমিতিয়ে অসমৰ ৰাজ্যিক আপৰ নেতৃত্ব সলনি কৰি মনোজ ধানোৱাৰক সভাপতিৰ দায়িত্ব দি সাংগঠনিক দিশ শক্তিশালী কৰাৰ লক্ষ্য লৈছে৷ অসমত আম আদমী পাৰ্টীৰ নেতৃত্ব সলনি হ’ল৷ দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত আপৰ ৰাজ্যিক সমিতিৰ নেতৃত্ব সলনি কৰি অসমত দলটোক নতুন গতি দিব খুজিছে শীৰ্ষ নেতৃত্বই৷