

ডিজিটেল ডেস্কঃ ‘চেকণিৰ আগত বিদ্যা থাকে’- এই আপ্তবাক্যশাৰী সময়ৰ লগে লগে আজি ইতিহাস হৈ পৰিছে। কিন্তু এতিয়া ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাটো দূৰৈৰ কথা, বিদ্যালয়ত শিক্ষকে গালিও দিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীক। এনে এক নতুন নিয়মেই এতিয়া শিক্ষা ক্ষেত্ৰখনত প্ৰযোজ্য কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ শাস্তি বিহিলে শিক্ষকৰ বিৰুদ্ধেই লোৱা হ’ব কঠোৰ ব্যৱস্থা।
উত্তৰ প্ৰদেশ চৰকাৰে ইয়াৰ বাবে গঠন কৰিব ফ’ৰাম। এই সন্দৰ্ভত জাৰি কৰা হৈছে নীতি-নিৰ্দেশনা। এই নিয়ম ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা প্ৰতিজন শিক্ষকে বাধ্যতামূলকভাৱে পালন কৰিব লাগিব। লগতে ছাত্ৰ-ছাত্ৰীৰ হিতৰ বাবে আৰু কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে ৰাজ্যখনত।
ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া শিশুসকলক কোনো প্ৰকাৰে শাৰীৰিক বা মানসিক শাস্তি দিব নোৱাৰিব। শিশুক ধমক দিয়া, চৌহদত দৌৰিবলৈ দিয়া, আঁঠু কাঢ়িবলৈ দিয়া, থাপ্পৰ মৰা, শ্ৰেণীকোঠাত অকলে আবদ্ধ কৰি ৰখা আদি নিষিদ্ধ কৰা হৈছে। বেছিক শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে বিস্তৃত নীতি-নিৰ্দেশনা।
আনহাতে এতিয়া প্ৰতিখন বিদ্যালয়তে স্থাপন কৰা হ’ব এটা অভিযোগ বাকচ, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিযোগ দাখিল কৰিব পাৰিব। অভিভাৱক, শিক্ষক কমিটীয়ে নিয়মিতভাৱে এই অভিযোগৰ বিচাৰ কৰিব। মুখ্যমন্ত্ৰীয়ে এই নতুন শিক্ষা নীতিক লৈ দেওবাৰে বৈঠকত বহে। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নীতি-নিৰ্দেশনা জাৰি কৰা হয়।
নিৰ্দেশনাত কোৱা হৈছে যে কোনো শিশুৰ প্ৰতি ভেদভাৱ কৰিব নোৱাৰিব। লগতে প্ৰাথমিক বিদ্যালয়ত পঢ়া শিশুক তেওঁলোকৰ অধিকাৰৰ প্ৰতি সজাগ কৰা হ’ব। শিশুৰ বাবে যি মডিউল বনোৱা হৈছে, তাৰ প্ৰশিক্ষণ দিয়া হ’ব শিক্ষকসকলক।