
পুনৰ ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা।
তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা দুৰ্বৃত্তক এনকাউণ্টাৰ আৰক্ষীৰ.
আৰক্ষীৰ গুলীত আহত হৈছে মিৰাজ আলী নামৰ অভিযুক্তজন।
এগৰাকী যুৱতীক বলাৎকাৰৰ অপচেষ্টা চলাইছিল মিৰাজ আলীয়ে।
নিশা মিৰাজক লৈ অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ পিষ্টল কাঢ়ি চেষ্টা চলাইছিল পলায়নৰ।
ইয়াৰ পিছতে আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰি গুলীচালনা কৰাত সোঁ ভৰিত গুলীবিদ্ধ হয় মিৰাজ।
অভিযুক্তজনক ভৰ্তি কৰোৱা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
ইফালে যুৱতীক বলাৎকাৰৰ চেষ্টা চলোৱা আন এজনক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।
জানিব পৰা মতে, সান্ধ্য ভ্ৰমণলৈ ওলাই অহা এগৰাকী যুৱতীৰ গাত হাত দিছিল শ্ৰমিক অভিযুক্ত দুজনে।
অভিযুক্ত দুয়োজনৰ ঘৰ তেজপুৰৰ যোৰগড়ত বুলি জানিব পৰা গৈছে।
ভুক্তভোগী যুৱতীগৰাকীয়ে মহাভৈৰৱ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।
এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
আৰক্ষী চকীত ভিৰ কৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে। সকলোৱে দোষীক উচিত শাস্তিৰ দাবী জনায়।