

আজি ২১ নিলম্বিত এচিএছ আৰু এপিএছৰ নিলম্বন বাতিল আৰু বিভাগীয় তদন্ত স্থগিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে৷ সঠিক সময়ত উত্তৰ নোপোৱাত নিলম্বনত স্থগিতাদেশ দিয়াৰ লগতে চৰকাৰৰ পৰা গা এৰা মনোভাৱৰ বাবেই চাকৰি উভতাই পাবলৈ সক্ষম হ’ব৷ বক্ৰ পথেৰে চাকৰি লোৱাৰ প্ৰমাণিত হৈ নিলম্বিত ২১গৰাকী এচিএছ-এপিএছে চাকৰিত পুনৰ মকৰলৰ বাট প্ৰশস্ত হ’ল৷ নিলম্বিত এচিএছ আৰু এপিএছসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল৷ উচ্চ ন্যায়ালয়ত আজি শুনানি অনুষ্ঠিত হয়৷ শুনানিত নিলম্বন প্ৰত্যাহাৰ কৰাৰ লগতে তদন্ত স্থগিত কৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে৷ ন্যায়ালয়ে বিচাৰিৰ দৰে সময়ত মতে, অসম চৰকাৰে নিলম্বনৰ কাৰণ দৰ্শাই উত্তৰ দিব নোৱাৰাত ৰাজপত্ৰিত বিষয়াসকলৰ নিলম্বন বাতিল কৰে৷ ইমানে নহয় চৰকাৰৰ অহমিকাৰ বাবে ৰাজপত্ৰিত বিষয়াসকলৰ বিৰুদ্ধে বিভাগে কৰি থকা তদন্তত স্থগিতাদেশ জাৰি কৰিছে৷ চৰকাৰৰ অৱহেলাৰ বাবেই এতিয়া বক্ৰ পথেৰে চাকৰি লাভ কৰাসকল চৰকাৰত উঠি-ৰজা, বহি ৰজা হোৱাৰ পথ প্ৰশস্ত হ’ল৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুৰ্নীতিৰ তদন্ত নিকা হোৱাৰ কথা আওৰাই চৰকাৰ যে শূন্যসহনশীল নীতিৰে চলে সেই কথা প্ৰমাণিত কৰিবলৈ প্ৰয়াসৰ সময়তে এয়া এক বৃহৎ মুখথেকেচা৷ চৰকাৰে জানি বুজি উত্তৰ দিয়াত বিলম্ব কৰা বুলি প্ৰশ্ন উত্থাপন হৈছে৷ নিযুক্তি কেলেংকাৰীৰ তদন্ত যে ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ সেয়া স্পষ্ট হৈছে। অসম লোক সেৱা আয়োগত বক্ৰ পথেৰে চাকৰিত লোৱা ২১ বিষয়াক ২০২৩ চনৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিলম্বন কৰিছিল চৰকাৰে। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিলৰ প্ৰায় ডেৰ বছৰৰ পাছত চৰকাৰে ৩ বিষয়াক গ্ৰেপ্তাৰৰ লগতে ২১ বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিছিল৷ ৪ এচিএছ, ১১ এপিএছ আৰু ৬ সংলগ্ন সেৱাৰ বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল৷ দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, কুলপ্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, পুস্কল গগৈ, সুকন্যা দাস, ৰুমী তিমুংপি, অমিতৰাজ চৌধুৰী, অসীমা কলিতা, ৰাকেশ দাস, অনলজ্যোতি দাস, ঋতুৰাজ দলে, জগদীশ ব্ৰহ্ম, হিতেশ মজুমদাৰ, সৌৰভ কুমাৰ ভট্টাচাৰ্য, নন্দিনী কাকতি, নন্দিতা হাজৰিকা, সৌৰভপ্ৰাণ শৰ্মা (আবকাৰী পৰিদৰ্শক), বৰকিৰি তেৰাং (কৰ পৰিদৰ্শক), জয়ন্ত দলে (কৰ পৰিদৰ্শক), প্ৰিয়ংকা ডেকা (কৰ পৰিদৰ্শক), বিকাশ শৰ্মা (সহকাৰী সমবায় পঞ্জীয়ক), চক্ৰধৰ ডেকা (সহকাৰী সমবায় পঞ্জীয়ক), গীতাৰ্থ বৰুৱাৰ (সহকাৰী নিয়োগ বিষয়া) বিৰুদ্ধে এছআইটিয়ে তদন্ত কৰিছিল।