
দুৰ্নীতিৰ তদন্ত বিচাৰি অসম প্ৰদেশ কংগ্ৰেছে আজি এপেক্স বেংকৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ব্যাপক হাৰত দুৰ্নীতি আৰু অনিয়মেৰে অসমৰ জাতীয় অনুষ্ঠান এপেক্স বেংক ধ্বংস কৰিবলৈ অসম চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে শ শ কংগ্ৰেছ কৰ্মীয়ে পাণবজাৰত থকা এপেক্স বেংকৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাধাৰণ সম্পাদক বিপুল গগৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ আনমৰ নেতৃত্বত যোৱা কংগ্ৰেছ কৰ্মীয়ে ঘেৰাও কাৰ্যসূচীত ভাগ লয়। ঘেৰাও কাৰ্যসূচীত অৰক্ষীৰ তীব্ৰ বাধাত কেবাজনো কংগ্ৰেছ কৰ্মী আহত হয়। কংগ্ৰেছ কৰ্মীসকলে এপেক্স বেংকত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি ধৰ্ণা দিয়ে। বিশেষকৈ ৰাজেশ বাজাজ নামৰ এগৰাকী ব্যৱসায়ীক বৃহৎ পৰিমাণৰ ধন নিয়ম বহিৰ্ভূতভাৱে বেংকে উলিয়াই দিয়া আৰু বেংকত নিযুক্তি কেলেংকাৰীকে ধৰি একাধিক অনিয়ম সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু উক্ত অভিযোগৰ ন্যায়িক তদন্ত কৰিবলৈ কংগ্ৰেছে দাবী জনাই আহিছিল। কিন্তু সেয়া নকৰি চৰকাৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক জেললৈ পঠিয়াই কেলেংকাৰীত জড়িত বেংকটোৰ বিষয়া-কৰ্মচাৰীসকলক ৰক্ষণাবেক্ষণ দিবলৈ অপচেষ্টা চলোৱা কাৰ্যৰ বিৰুদ্ধে আজি শ শ কংগ্ৰেছ কৰ্মীয়ে এপেক্স বেংকৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে। আৰক্ষীয়ে নিৰ্বিচাৰভাৱে কংগ্ৰেছ কৰ্মীৰ ওপৰত জঁপিয়াই পৰে আৰু কংগ্ৰেছ কৰ্মীসকলক আটক কৰি চছললৈ লৈ যায়। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি বালিকা লাহন পেগু, ৰূপা দেউৰী, সম্পাদক মৌচুমী নেওগ, ক্ৰিদিপ বৰ্মন, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, যুৱ কংগ্ৰেছৰ জুৱেৰ আনমকে ধৰি শ শ কংগ্ৰেছ কৰ্মীয়ে আজি দিনৰ ১১.৩০ বজাত এপেক্স বেংকৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সম্ৰাট, এপেক্স বেংক অসমৰ বেংক, এপেক্স বেংকক ৰক্ষা কৰক আদি ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।