গুৱাহাটীঃ কেইদিনমান আগলৈকে মিডিয়াৰ বুমৰ সন্মুখত যাচি যাচি কংগ্ৰেছৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকে কংগ্ৰেছক লৈ সোধা প্ৰশ্নৰ পিছতে নীতি শিক্ষা দিয়া আৰম্ভ কৰিলে সংবাদ কৰ্মীকে।
২০২৬ চনত গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচন খেলিব বুলি চলা চৰ্চা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছিল হিমন্ত বিশ্ব শৰ্মাক। ইয়াৰ পিছতে জাঙুৰ খাই উঠা মুখ্যমন্ত্ৰীয়ে ক’লে ‘তেওঁ কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব নে বিজেপিৰ পৰা? কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিলে কংগ্ৰেছক সোধক। কংগ্ৰেছৰ কথা মোক সুধিলে মই কি উত্তৰ দিম? বিজেপিৰ পৰা নিৰ্বাচন খেলিলে মোক সুধিব।’
ইমানতে ক্ষান্ত নাথাকি সাংবাদিকক নীতি শিক্ষা দিয়াত লাগি যায় মুখ্যমন্ত্ৰী শৰ্মা। তেওঁ কয়, ”অমুকে অমুক কৈছে, তমুকে তমুক কৈছে বুলি প্ৰতিক্ৰিয়া বিচাৰি থকাটোৱেই সাংবাদিকৰ কাম নেকি? ৰাজ্যত আৰু কি বেলেগ সমস্যা নাই? এনেদৰে ইজন-সিজনৰ প্ৰতিক্ৰিয়া লৈ ফুৰা বাতৰিবোৰ কোনোবাই চায় জানো? আগতে সাংবাদিকবোৰ এনেকুৱা নাছিল।’’
কিন্তু লক্ষণীয় কথা যে, মাত্ৰ কেইদিনমান আগলৈকে কংগ্ৰেছৰ নাম সাংবাদিকৰ সন্মুখত নল’লে শান্তি নাপাইছিল মুখ্যমন্ত্ৰী শৰ্মাই। কংগ্ৰেছত কোন থাকিব, কোনে বিজেপিলৈ আহিব, কংগ্ৰেছৰ ভিতৰত কি চলে, কংগ্ৰেছৰ কোনজন নেতাৰ সৈতে তেওঁৰ যোগাযোগ আছে আদিবোৰ সাংবাদিকে নোসোধা প্ৰশ্নৰ উত্তৰতো সৰসৰকৈ কৈ গৈছিল মুখ্যমন্ত্ৰী শৰ্মাই।
এনে পৰিপ্ৰেক্ষিতত এতিয়া গৌৰৱ গগৈয়ে জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচন খেলিব বুলি চলা চৰ্চাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংবাদিককে ভেকাহি মৰা মুখ্যমন্ত্ৰীৰ স্থিতিক লৈ আশ্বৰ্য ব্যক্ত কৰিছে বিভিন্নজনে।