কংগ্ৰেছৰ শত্ৰুসকল অখিলৰ মিত্ৰ, মিঞা মিউজিয়াম বিচৰা শ্বেৰমানক মন্ত্ৰী কৰিব

শেহতীয়াকৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি গৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ বিহালী সমষ্টি এৰি নিদিয়াৰ অচিলাৰে অখিল গগৈয়ে ‘একলা চলৌ’ নীতি অৱলম্বন কৰিছে৷ বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছক ক্ষতি কৰিবলৈ অখিলে মাইনৰিটি বেল্টত ব্যাপক সভা-সমিতি পাতি গৈছে৷ উত্তৰ অসম, মধ্য অসম আৰু নামনি অসমত বিজেপিক লাভান্বিত কৰিবলৈ মাইনৰিটি বেল্টত প্ৰচাৰ চলোৱাত বিভিন্নজনে অখিল গগৈক সন্দেহৰ চকুৰে চাইছে৷ বিজেপিক সহায় কৰিবলৈ নামনিত মাইনৰিটি ভোটক বিভাজিত কৰি ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ সমানে সমানে প্ৰাৰ্থী থিয় কৰাবলৈ ব্লুপ্ৰিণ্ট ৰচাৰ অভিযোগৰ মাজতে আজি অখিল গগৈৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে কংগ্ৰেছীৰ বিসম্বাদী তথা নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে৷ অখিল গগৈয়ে গোপনে নামনি অসমত একাংশ ধুৰন্ধৰ সংখ্যালঘূ নেতাক লৈ কংগ্ৰেছক ক্ষতি কৰিবলৈ জাল পেলোৱা বুলি অভিযেগাৰ মাজতে শ্বেৰমান আলী আহমেদৰ দৰে কংগ্ৰেছৰ বিসম্বাদী নেতাই অখিল গগৈৰ সৈতে মন্ত্ৰী হোৱাৰ কথা অকপটে স্বাকীৰ কৰিছে৷ নিজ সমষ্টি বাঘবৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত নিলম্বিত কংগ্ৰেছী বিধায়কজন মুকলিকৈ অখিল গগৈক সমৰ্থন কৰে৷ ২০২৬ চনত ৰাইজৰ দল চৰকাৰৰ অংশীদাৰ হ’লেই শ্বেৰমান আলী আহমেদ মন্ত্ৰী হ’ব বুলি দাবী কৰিছে। ইমানে নহয় শ্বেৰমানক কি বিভাগ লাগিব সেই কথাও কৈ দিছে অখিল গগৈক৷ জলসম্পদ, ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰি শ্বেৰমানে কয় যে মই এই দুটা বিভাগৰ মন্ত্ৰী হোৱাৰ কথা অখিল গগৈক জনাই দিছো। মোক শিক্ষা অথবা গড়কাপ্তানি বিভাগৰ প্ৰস্তাৱ দিছিল অখিল গগৈয়ে। কিন্তু জলসম্পদ আৰু ৰাজহ বিভাগৰ মন্ত্ৰিত্ব লাগিব। লগতে ২০২৬ চনৰ নতুন চৰকাৰৰ অংশীদাৰ যদি ৰাইজৰ দল হয় তেন্তে ৰাইজৰ দলে দুজন মন্ত্ৰী বিচাৰিব। অখিল গগৈ আৰু শ্বেৰমান আলী ৰাইজৰ দলৰ কোটাৰ পৰা মন্ত্ৰী হ’ব। এই কথাও শ্বেৰমানে জনাই দিছে অখিল গগৈক। ইপিনে শ্বেৰমান আলী আহমেদৰ মন্তব্যৰ পিছতে নামনি অসমত সংখ্যালঘূ এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ লাভ কৰিছে৷ কিয়নো মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক সহায় কৰিবলৈ সময়ে সময়ে বিতৰ্কিত মন্তব্য দি আহিছে শ্বেৰমান আলীয়ে৷ সংখ্যালঘূক আক্ৰমণ কৰিবলৈ সুবিধা দি লাঞ্চিত কৰি আহিছে শ্বেৰমানে৷ কলাক্ষেত্ৰত মিঞা মিউজিয়াম খুলি লুঙী সংৰক্ষণ কৰিবলৈ দাবী জনাই অসমৰ সংখ্যালঘূ সমাজক অপমান কৰিবলৈ সুবিধা দিছিল এইজন শ্বেৰমানে৷ সেইজন শ্বেৰমানৰ মুখত এতিয়া অখিল গগৈৰ নাম৷ তলে তলে সঁচাকৈয়ে অখিল গগৈয়ে কংগ্ৰেছৰ বিৰোধীসকলৰ সৈতে হাত মিলাই বিজেপিক সহায় কৰিব খুজিছে নেকি? কংগ্ৰেছৰ শত্ৰু মানেই এতিয়া অখিল গগৈৰ মিত্ৰ নেকি? বিজেপিক সহায় কৰিবলে যিকোনো পৰ্যায়লৈ যাব নেকি অখিল গগৈ? এনে কথা এতিয়া নামনি অসমত চৰ্চা হ’ব ধৰিছে৷ ইপিনে শ্বেৰমান আলীক প্ৰত্যুত্তৰ দিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই৷ ভাস্ক’ ডি শইকীয়াই কয় যে শ্বেৰমান আলীৰ দৰে সাম্প্ৰদায়িক, নিজ দলক বিশ্বাসঘাতকতা কৰা, হিমন্ত বিশ্ব শৰ্মাৰ ভৃত্যৰ ৰাইজৰ দলত স্থান নাই৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে