

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা জ’ বাইদেনে নাম প্ৰত্যাহাৰৰ পাছতে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট মুকলি হৈছে৷ কমলা হেৰিছৰ নাম চৰ্চাত অহাৰ লগে লগে আক্ৰমণ আৰম্ভ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷
ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী ৰূপে চৰ্চাত আছে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নাম৷ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি বাইদেনে হেৰিছৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ কিন্তু তাৰ মাজতে কমলা হেৰিছক শাসনৰ বাবে অযোগ্য, উগ্ৰ বাওঁপন্থী তথা উন্মাদ আখ্যা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পে৷ ট্ৰাম্পে বুধবাৰে ডেমক্ৰেটিক প্ৰতিদ্বন্দ্বিগৰাকীৰ প্ৰতি তীব্ৰ বাক্যবাণ নিক্ষেপৰে আক্ৰমণ কৰে৷
৫৯ বছৰীয়া হেৰিছ এতিয়া প্ৰত্যাশিত ডেমক্ৰেটিক মনোনীত নিৰ্বাচনী প্ৰাৰ্থী আৰু আগষ্টত ডেমক্ৰেটিক নেচনেল কনভেনচনত আনুষ্ঠানিকভাৱে দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ’ব৷ কমলা হেৰিছে বাইদেনৰ দুৰ্যোগৰ সময়ত একেলগে থিয় হৈ চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰি আহিছে। হেৰিছ এগৰাকী উগ্ৰ বাওঁপন্থী যিয়ে, কাৰ্যালয়ত প্ৰৱেশৰ সুযোগ পালে দেশখন ধ্বংস কৰিব। এনেদৰে উপ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে বাক্যবাণ কৰাৰ সময়তে ট্ৰাম্পে কয় যে, সেয়া তেওঁলোকে হ’বলৈ নিদিয়ে।