কলকাতা কাণ্ডৰ প্ৰতিবাদ! দিল্লীস্থ স্বাস্থ্য মন্ত্ৰালয়ৰ সন্মুখৰ পথত বিনামূলীয়া অ’পিডি সেৱা প্ৰদান চিকিৎসকৰ

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকৰ সৈতে সংঘটিত জঘণ্য কাণ্ডক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। এই ঘটনাৰ ন্যায় বিচাৰি দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকসকলে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। এইমছ আৰু দিল্লীৰ অন্যান্য চিকিৎসালয়ৰ আৱাসী চিকিৎসক সকলেও সোমবাৰৰ পৰা নিৰ্মান ভৱনত স্বাস্থ্য মন্ত্ৰালয়ৰ সন্মুখৰ পথত বিনামূলীয়াকৈ অ’পিডি সেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

একে সময়তে এই বিষয়ত অব্যাহত আছে ৰাজনীতিও। কলকাতা কাণ্ডৰ ব্যৰ্থতা স্বীকাৰ কৰি পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ পদত্যাগ দাবী জনাই আহিছে বিজেপিয়ে। ইয়াৰ উপৰিও কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত সংঘটিত হোৱা জঘন্য অপৰাধৰ প্ৰতি উচ্চতম ন্যায়ালয়ে স্বতঃ সংজ্ঞান লৈছে। এই গোচৰত অহা ২০ আগষ্টত শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।

ইফালে আজি মুম্বাইৰ আজাদ ময়দানত কলকাতা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক আৰু স্থানীয় ৰাইজে। ইয়াৰ বিপৰীতে জানিব পৰা মতে, বংগৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ আজি দিল্লীত উপস্থিত হ’ব পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু। সূত্ৰ অনুসৰি তেওঁ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰিব।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে