
অসম কো-অপাৰেটিভ এপেক্স বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকনে ২৮ কোটী টকীয়া কেলেংকাৰী আৰু কালিৰ সাংবাদিক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ দাবী কৰে যে ৰাজেশ বাজাজ নামৰ ব্যক্তিজনে বেংক মেনেজাৰৰ সৈতে মিলি প্ৰায় ২০ কোটী টকা অবৈধভাৱে উলিয়াই নিছিল৷ তেওঁ নিজেই বিআইইউত গোচৰ হিচাপে দাখিল কৰিছিল, যিটো এতিয়া ইডিৰ তদন্তাধীন।
ফুকনে কয়, “এই টকা ঋণ নাছিল। মই চেয়াৰমেন হৈয়েই গোচৰ তৰিছিলো। ইডিয়ে সম্পত্তি বাজেয়াপ্ত কৰি বেংকৰ ধন ঘূৰাই দিয়ক। বহুতে তদন্তৰ সাহস নকৰা কথাও শুনিছো।” আনহাতে, দাতা মজুতকৰণৰ কেলেংকাৰীৰ অভিযোগ অস্বীকাৰ কৰি তেওঁ কয়, “টেণ্ডাৰ মুক্ত হৈছিল, চৰকাৰী প্ৰতিনিধি আৰু ব’ৰ্ডৰ সন্মতিৰে ৪০ লাখ টকা দৰকমোৱা হৈছিল। এইবোৰ ভুৱা খবৰ।”
কালি বেংকত প্ৰতিবাদ কৰি থকা এজন সাংবাদিকৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত ফুকনে কয়, “মই বিধানসভাত আছিলো, পিছতহে গম পাইছিলো। এয়া বেংকৰ কৰ্মচাৰী আৰু ব্যক্তিৰ ব্যক্তিগত সংঘাত। বেংক ইয়াৰ প্ৰত্যক্ষভাৱে জড়িত নহয়।” অন্যথা, পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই ক’লা বেজ পিন্ধি প্ৰতিবাদ জনায় আৰু কয়, “এজন ছিকিউৰিটি গাৰ্ডক গালি-শপনি দিয়া হৈছিল। ইয়াৰ বিৰুদ্ধে ব্যক্তিগত গোচৰ দিয়া হৈছে। প্ৰতিবাদে বেংকৰ কাৰ্য্যকলাপ অৱৰুদ্ধ কৰিছিল, তথ্য চুৰিৰ প্ৰয়াস হৈছিল।”
ফুকনে বেংকৰ খৰচৰ সমালোচনাকো নাকচ কৰি কয়, “২০০০ চনত ৫০০ কোটী জমা আৰু ১০০ কোটী লোকচানৰ পৰা এতিয়া ৩৫০০ কোটী জমা আৰু ১৫০ কোটী লাভ হৈছে। শ্বেয়াৰহোল্ডাৰসকলক ভাত খুৱাবলৈ হোৱা খৰচ ন্যায্য। বাজেট সাধাৰণ সভাত মঞ্জুৰ হয়।”
বেংকৰ এজাহাৰখন সাধাৰণ বুলি কৈ ফুকনে কয়, “ঘটনাস্থলীত পুলিচক ফোন কৰা হৈছিল, যাৰ ফলত আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে।