

কলিয়াবৰঃ বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে কলিয়াবৰত। মঙলবাৰে নিশা কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত এটা ঢেকীয়াপতীয়া বাঘৰ বিচৰণে আতংকিত কৰি তোলে অঞ্চলবাসীক। উল্লেখ্য যে, শিলঘাট-জখলাবন্ধা সংযোগী পথ অতিক্ৰম কৰি বাঘটোৱে প্ৰৱেশ কৰে গাঁওখনত। নিশা গোহালিৰ গৰু চিকাৰৰ বাবে বাঘটো আহিছিল বুলি উল্লেখ কৰে স্থানীয় লোকে।
স্থানীয় ৰাইজে হুলস্থূল কৰাত বাঘটো হাবিত প্ৰৱেশ কৰে। নিশাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক। অঞ্চলটোত বাঘৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। ইতিমধ্যে সোণাৰী-কামাখ্যা গাঁৱৰ কেইবাটাও গো-ধন দিন-দুপৰতে চিকাৰ কৰিছে বাঘে।