
গুৱাহাটীঃ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক টিউচনৰ পৰা ঘৰলৈ ওভতাৰ সময়ত তিনি দুৰ্বৃত্তই বলপূৰ্বক ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থোৱা জঘন্য কাণ্ডক লৈ উত্তাল হৈ পৰিছে নগাঁও জিলাৰ সমগ্ৰ ধিং অঞ্চল। কলকাতা কাণ্ডক লৈ দেশজুৰি উঠা প্ৰতিবাদৰ জোৱাৰৰ মাজতে নগাঁৱৰ এই অনুৰূপ কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন আৰু স্থানীয় জনতা।
এই ঘটনাৰ পিছতে আছুৱে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ধিঙৰ বিভিন্ন প্ৰান্তত। একে সময়তে আজি কিশোৰী ছাত্ৰীগৰাকীৰ ন্যায় প্ৰদান দাবীৰে ৰাজপথলৈ ওলাই আহিছে শ শ স্থানীয় মহিলা।
উল্লেখ্য যে, সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে নাবালিকাগৰাকী। ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান।
ঘটনাটো পোহৰলৈ অহাৰ পিচতে নিশাই নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হয় ধিং অঞ্চলত। আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ কথাও উল্লেখ কৰি অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰো আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। ধিঙৰ নাবালিকা ধৰ্ষণকাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নিশাই আৰক্ষীয়ে দুজন লোকক সোধা-পোছাৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কোনো স্পষ্টীকৰণ দিয়া নাই ।
ইফালে ধিংকাণ্ডক লৈ এক্সৰ এটা পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। ধিঙৰ ঘটনাই সামূহিক বিবেকক আঘাত কৰিছে বুলি তেওঁ উল্লেখ কৰে। এই ঘটনাৰে জড়িত দোষীক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে। লগতে দোষীৰ বিৰুদ্ধে দ্ৰুত আৰু উচিত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে।