
জাগীৰোডঃ বিভিন্ন সময়ত বিভিন্ন কাৰণত হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্ম পৰিৱৰ্তন কৰা জাগীৰোডৰ ২০ পৰিয়াল পুনৰ ঘূৰি আহিল হিন্দু ধৰ্মলৈ। দেওবাৰে জাগীৰোডৰ আমচৈত সদৌ হিন্দু ধৰ্ম-সংস্কৃতি সুৰক্ষা সমিতিৰ এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰে অঞ্চলটোৰ ২০ টাৰো অধিক জনজাতীয় পৰিয়ালৰ প্ৰায় ১০০ গৰাকী সদস্যই।
উল্লেখ্য যে, খ্ৰীষ্টান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ঘূৰি অহা এই সদস্যসকলক তিৱা পৰম্পৰাগত পূজা আৰু একোখন তিৱা গামোচা উপহাৰেৰে স্বধৰ্মলৈ আদৰণি জনোৱা হয়।
এই অনুষ্ঠানটোত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, চহৰী ৰাজ্যৰ তিৱা ৰজা সুৰেণ দেওৰজা, তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাস, সদৌ হিন্দু ধৰ্ম-সংস্কৃতি সুৰক্ষা সমিতিৰ সভাপতি নাৰায়ণ কুমাৰ ৰাডু কাকতি, সাধাৰণ সম্পাদক বিপন আমচঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।