গাহৰি পালন কৰি এঘৰীয়া হ’ল মৰিগাঁৱৰ উচ্চ শিক্ষিত যুৱকৰ পৰিয়াল

মৰিগাওঁঃ গাহৰি পালন কৰাৰ বাবেই মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰীত উচ্চ শিক্ষিত যুৱকৰ পৰিয়ালক এঘৰীয়া কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এখন গাহৰিৰ ফাৰ্ম চলাই থকাৰ বাবেই দীপাংকৰ নাথ নামৰ যুৱকজনৰ পৰিয়ালক এঘৰীয়া কৰা হয়৷ হাবিবৰঙাবাৰী অঞ্চলৰ বড়িগাৱৰ নিবাসী দীপাংকৰ নাথৰ আধুনিক ইটা নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগ এটাও আছে৷ কালি উলহ-মালহেৰে বিশ্বকৰ্মা পূজা উদযাপন কৰে যুৱক দীপাংকৰে। বিশ্বকৰ্মা পূজালৈ স্থানীয় ভকত-বৈষ্ণৱৰ লগতে নামৰ দলকো নিমন্ত্ৰণ কৰিছিল। আশ্বৰ্য্যজনকভাবে পূজাৰ দিনটোত পূজাস্থলীত ভকত-বৈষ্ণৱ অথবা নামৰ দলৰ কোনো লোক উপস্থিত ন’হল। পূজাৰ আগনিশা স্থানীয় মায়েঙীয়া খেলৰ নামঘৰত অনুষ্ঠিত ভাদ মহীয়া নাম-প্ৰসংগত যুৱকজনৰ পৰিয়ালৰ লোক সকলো উপস্থিত আছিল। কোনো লোকে যুৱকজনৰ পৰিয়ালক কোনো কথা অৱগত কৰোৱা নাছিল। পৰৱৰ্তী দিনাহে যুৱকজনে গাহৰি পালন কৰা হেতুকে তেওঁলোকৰ বিশ্বকৰ্মা পূজাত ভকত-বৈষ্ণৱ উপস্থিত নাথাকিল বুলি অৱগত কৰে। ৰাইজৰ এনে সিদ্ধান্তই পৰিয়ালটোক হতাশ কৰিছে। কেইবাবছৰ পূৰ্বে দীপাংকৰ নাথে বাংগালুৰুত কম্পিউটাৰ এপ্লিকেচনত স্নাতক ডিগ্ৰী লাভ কৰে। যুৱকজনৰ সন্মুখত আছিল তথ্য-প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হোৱাৰ অলেখ সুযোগ। জাতীয়তাবাদী ভাৱাসম্পন্ন যুৱকজনে কেইবছৰমান পাছতেই এনে সম্ভাৱনাপূৰ্ণ বিলাসী জীৱন এৰি থৈ ‘যি কৰো নিজৰ গাৱতে কৰিম’ ভাৱেৰে নিজ গাঁৱলৈ উভতি আহে। নিজ গাৱলৈ আহি প্ৰথমে এখন লেয়াৰ ফাৰ্মৰ পৰা অৰ্থনৈতিক যাত্ৰা আৰম্ভ কৰি দোপতদোপে উন্নতি কৰি মীন পালন, গাহৰি পালন আদি ক্ষেত্ৰলৈ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লগতে শেহতীয়াকৈ আধুনিক প্ৰযুক্তিৰে ইটা নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগটি স্থাপন অন্য কেইবাজনো নিৱনুৱা যুৱকৰ সংস্থাপণৰ বাট মুকলি কৰি দিয়ে। বহুতৰ বাবে আদৰ্শ হৈ পৰা এনে এজন যুৱকক প্ৰাচীন এলান্ধুকলীয়া নীতি প্ৰয়োগেৰে এনেদৰে সমাজে এঘৰীয়া কৰা কাৰ্যই চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

 

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ