
অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন মহলত তীব্ৰ নিন্দা আৰু আলোড়নৰ সৃষ্টি হৈছে। অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাক্-যুদ্ধৰ মাজতে আজমলৰ এই মন্তব্য ৰাজনৈতিক উত্তাপ আৰু বহুল আলোচনাৰ সূচনা কৰে।
কথোপকথনৰ কেন্দ্ৰত গীতাশ্ৰীৰ চাকৰি আৰু আজমলৰ বিতৰ্কিত মন্তব্য
আজমলে কয়, “অখিল গগৈৰ পত্নী বুঢ়ী। তেওঁক লৈ মই কি মন্তব্য দিম? যদি ডেকা পত্নী হয়, তেন্তে মাত মাতিম।” তেওঁৰ এই কথাষাৰে সামাজিক মাধ্যমত ক্ষোভৰ ঢৌ তুলাৰ লগতে ৰাজনৈতিক দলসমূহৰ পৰা প্ৰতিক্ৰিয়া আহিবলৈ ধৰে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে এই মন্তব্যক “অসমীয়া সমাজৰ বাবে লজ্জাজনক” আখ্যা দিয়ে কৈছে, “এনে ভাষাৰে মহিলাক অপমান কৰাটো ৰাজনীতিৰ নামত নিম্নতম ৰুচিৰ পৰিচয়। ভৱিষ্যতে মহিলাসকলে ৰাজনীতিত সক্ৰিয় হ’ব পাৰিব নে, সেই সম্পৰ্কেও প্ৰশ্ন উঠিছে।”
ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ আৰু ভোটৰ ৰাজনীতি
আজমলে ইয়াৰোপৰি অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাক্-যুদ্ধ “প্ৰি-প্লেন্ড” (পূৰ্বপৰিকল্পিত) বুলি অভিহিত কৰিছে। তেওঁ দাবী কৰে যে অখিল গগৈয়ে বিজেপিৰ হৈ সংখ্যালঘু ভোটবোৰ কংগ্ৰেছ বা এআইইউডিএফলৈ যোৱাটো বাধা দি বিজেপিক সহায় কৰি আছে। “ভোট বিভাজনৰ ফলত বিজেপি আৰু হিমন্তই লাভান্বিত হ’ব,” বুলি তেওঁ মন্তব্য কৰে।