
বিজেপিৰ আস্থাভাজন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ড০ ননীগোপাল মহন্তই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত লয়৷ ৰাজ্যপালে ননীগোপাল মহন্তক শপত বাক্য পাঠ কৰোৱায়৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক মহন্ত৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টাও আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আনুষ্ঠানিক দায়িত্ব ২০ আগষ্টত গ্ৰহণ কৰিব মহন্তই৷ উল্লেখ্য যে, বৰ্তমানৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল ২০ আগষ্টত অন্ত পৰিব৷