গুৱাহাটীত কলেজৰ বিল্ডিঙৰ পৰা পৰি ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগীৰৰ গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীপ বিল্ডিঙৰ পৰা সৰি পৰি মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সন্দীপস্না  নামৰ ছাত্ৰীগৰাকী কলেজৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যুবৰণ কৰে। যদিও প্ৰাথমিকভাৱে ইয়াক আত্মহত্যা বুলি ধৰা হৈছে, ছাত্ৰীগৰাকীৰ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ মতে, সন্দীপস্না মানসিকভাৱে অসুস্থ নাছিল৷

ঘটনাটোৰ বিৱৰণ অনুসৰি, সন্দীপস্নাই পুৱা কলেজলৈ যায় আৰু কিছু সময়ৰ পিছতে তেওঁ কলেজ বিল্ডিঙৰ চতুৰ্থ মহলাৰ তলত পৰে। তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালে আৰক্ষীত এজাহাৰ দাখিল কৰে আৰু তদন্ত আৰম্ভ হয়। পৰিয়ালৰ মতে, সন্দীপস্নাই কোনো মানসিক সমস্যাৰ দ্বাৰা পীড়িত নাছিল আৰু তেওঁৰ মৃত্যু ৰহস্যজনক।

কলেজৰ চি.চি.টি.ভি. ফুটেজত দেখা গৈছে যে সন্দীপস্নাই কলেজৰ গ্ৰীলৰ গেট নিজেই খুলি ভিতৰলৈ সোমায়। তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে উল্লেখ কৰে যে সন্দীপস্নাক এগৰাকী শিক্ষয়িত্ৰীয়ে পুৱা ৯ বজাত এক্সট্ৰা ক্লাছৰ বাবে মাতিছিল, কিন্তু তেওঁৰ মোবাইলত কেইবাটাও মিছডকল আছিল। ছাত্ৰ একতা সভাৰ প্ৰতিনিধিয়ে ছাত্ৰীগৰাকীৰ মোবাইল বিচাৰিছিল, পুলিচে বিচৰা বুলি কৈছিল৷

কলেজৰ শিক্ষয়িত্ৰী আৰু অধ্যক্ষই প্ৰকাশ কৰা মতে, ঘটনাটো পুৱা ৮:৩০ বজাত সংঘটিত হৈছিল। কলেজৰ গ্ৰীলৰ গেট খুলি দিয়াৰ পিছত সন্দীপস্নাই ভিতৰলৈ সোমায় আৰু কিছু সময়ৰ পিছতে তেওঁ পৰাৰ শব্দ শুনা যায়।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু ছাত্ৰীগৰাকীক হাস্পাতাললৈ নিয়ে।

ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত চলি আছে। পৰিয়ালে হত্যাৰ সন্দেহ কৰিছে, আনহাতে আৰক্ষীয়ে সকলো দিশৰ পৰা তদন্ত কৰি সত্যতা উলিয়াবলৈ চেষ্টা কৰিছে। ছাত্ৰীগৰাকীৰ মৃত্যুৱে সমাজত এক গভীৰ শোকৰ ছাঁ পপিছে আৰু এই ঘটনাই শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা আৰু মানসিক স্বাস্থ্যৰ বিষয়টোক আকৌ এবাৰ আলোচনালৈ আনিছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে