

ভাৰত চৰকাৰৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত মহানগৰীৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান নেৰিমত অলপতে হিন্দী ৰাজভাষাৰ সন্মিলন অনুষ্ঠিত হয়৷ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হিন্দী ৰাজভাষাৰ সন্মিলনত নেহৰু যুৱ কেন্দ্ৰ সংগঠন অসমৰ সকলো উপ-নিৰ্দেশক, জিলা যুৱ বিষয়া, গাণনিক বিষয়া তথা স্বেচ্ছাসেৱকসকল উপস্থিত থাকে৷ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে উপ-নিৰ্দেশক প্ৰমথেশ চক্ৰৱৰ্তীয়ে আৰু উদ্দেশ্য বাখ্যা কৰে নিৰ্দেশক ইংখং গোৱাঙে৷ কেইবাগৰাকী বক্তাই চৰকাৰী কাৰ্যালয়সমূহত হিন্দী ভাষাৰ ব্যৱহাৰ সম্পৰ্কে সুন্দৰকৈ বাখ্যা আগবঢ়ায়৷ সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ মাজত হিন্দী লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে বিপাসা মজুমদাৰে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে অভিজিত বৰা আৰু তৃতীয় স্থান লাভ কৰে ইকবাল বি চৌধুৰীয়ে৷ সন্মিলনত অতিথি হিচাপে নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ গুৱাহাটীৰ আঞ্চলিক নিৰ্দেশক ইংখং গোৱাং, ৰাজ্যিক উপ-নিৰ্দেশক দিনবন্ধু সাহা, উপ-নিৰ্দেশক প্ৰমথেশ চক্ৰৱৰ্তী, আটোৱাৰ ৰহমান, আয়কৰ বিষয়া ৰাম লাল শৰ্মা, উত্তৰ পূৱ ৰেলৱে বিষয়া নিপুন কুমাৰ বৰদলৈ উপস্থিত থাকে৷