
এডভাণ্টেজ আসাম সন্মিলনলৈ মাজ মাথো কাইটামান দিন বাকী থকা অৱস্থাত পুনৰ দেশৰ কেইবাগৰাকী উদ্যোগপতিক সাক্ষাৎ কৰিবলৈ ৰাজ্যৰ বাহিৰলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিগত ২৪ ঘণ্টাত নতুন দিল্লীত মুখ্যমন্ত্ৰী শৰ্মাই টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰ, মুম্বাইত জেএছডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দল আৰু ৱেলস্পুন ৱৰ্ল্ডৰ বি.কে গোৱেংকাক সাক্ষাৎ কৰে৷ মুম্বাইত ৱেলস্পুন ৱৰ্ল্ডৰ অধ্যক্ষ বি কে গোৱেংকাক অসমৰ কিছুমান খণ্ডত কাম কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গোৱেংকাই বিশেষ আগ্ৰহ প্ৰকাশ কৰে আৰু এডভাণ্টেজ আসাম ২.০ত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ মুম্বাইত জেএছডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দলক সাক্ষাৎ কৰে৷ বৈঠকত শৰ্মা আৰু জিন্দলে অসমৰ আন্তঃগাঁথনি আৰু শক্তি খণ্ডত কাম কৰাৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে সজ্জনক সাক্ষাতৰ পিছতে কয় যে এডভাণ্টেজ অসাম ০.২ সন্মিলনত উপস্থিতিৰ বাবে অপেক্ষা কৰিছো। হিমন্ত বিশ্ব শৰ্মাই টাটা সন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি জাগীৰোডত আগন্তুক ইলেক্ট্ৰনিক্স চহৰৰ কথা ঘোষণা কৰে৷ লগতে টাটামটৰছে উত্তৰ-পূৱৰ গুৱাহাটীত প্ৰথমটো বাহন স্ক্ৰেপিং সুবিধা মুকলি কৰিব বুলি ঘোষণা কৰে৷ ছেমি কণ্ডাক্টৰ আৰু উন্নত ইলেক্ট্ৰনিকছ প্ৰকল্পত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনক এক উচ্চ-প্ৰযুক্তিৰ উৎপাদন কেন্দ্ৰ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷