গুৱাহাটীৰ পানীৰ ৰং ক’লা, মেঘালয়ৰ পানীয়েহে মহানগৰীত সৃষ্টি কৰিছে কৃত্ৰিম বানঃ মন্ত্ৰী অশোক সিংহাল

গুৱাহাটীঃ সোমবাৰৰ পৰাই প্ৰায় অচল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন ধাৰণ। ৰাজপথৰ ওপৰত হোৱা এবুকু পৰ্যন্ত পানীত আৱদ্ধ হৈ পৰিবলগীয়া হয় মহানগৰবাসী। বিয়লি ৩ বজাতেই স্কুলৰ পৰা ওলাই অহা কণ কণ শিশুৱে মহানগৰীৰ কৃত্ৰিম বানৰ কবলত পৰি ঘৰ পায়হি নিয়া ১১-১২ বজাত।

গুৱাহাটীক স্মাৰ্ট চিটি সজোৱাৰ সপোন দেখুৱাই উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিলে সোমবাৰৰ মহানগৰীৰ কৃত্ৰিম বানে। চহৰবাসীৰ জীৱন দুৰ্বিসহ কৰি তোলা এই ভয়াবহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে এতিয়া উদ্ভট মন্তব্য কৰাহে দেখা গৈছে ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালক।

মেঘালয়ৰ পানীয়ে সোমবাৰে গুৱাহাটী বুৰাইছে বুলি মন্তব্য কৰি মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ পৰা গা এৰা দিবলৈ চেষ্টা কৰা দেখা যায় মন্ত্ৰী অশোক সিংহালে। গুৱাহাটীৰ কৃত্ৰিম বানৰ পানীৰ ৰং বৰ্ণনা কৰি এই পানী যে মেঘালয়ৰ পৰা পাহাৰৰ পৰা নামি আহিছিল সেয়া প্ৰমাণ কৰাত ব্যস্ত হৈ পৰে মন্ত্ৰীগৰাকী।

প্ৰায় ৫ ঘণ্টাৰো অধিক সময় ধৰি গুৱাহাটীৰ ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰা এই কৃত্ৰিম বানৰ ৫০ শতাংশ পানী মেঘালয়ৰ পৰা নামি অহা বুলি মন্তব্য কৰে অশোক সিংহালে। তেওঁ কয়, ‘চহৰৰ পানী আমি চিনি পাও। চহৰৰ নলা-নৰ্দমাৰ পানী ক’লা হয়, কিন্তু কালিৰ পানীখিনি ৰঙা আছিল। এই পানী ৫০ শতাংশই মেঘালয়ৰ পৰা নামি অহা।’

অৱশ্যে গুৱাহাটীৰ নলা-নৰ্দমাৰ বহন ক্ষমতা অকপটে স্বীকাৰ কৰে মন্ত্ৰী অশোক সিংহালে। তেওঁ কয়, ”যদি ডেৰ ঘণ্টাত ১৩৬ মিলিমিটাৰ বৰষুণ হয়, তেন্তে সেই পানী গুৱাহাটীৰ নলা-নৰ্দমাই বহন কৰিব নোৱাৰে। কালি চানমাৰিত ১৩৬ মিলিমিটাৰ বৰষুণ হোৱা বুলি মোক জনোৱা হৈছিল।’’

এচি ৰূমত বহি মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ ভয়াবহ ৰূপৰ বিশ্লেষণ কৰা মন্ত্ৰী অশোক সিংহালে লগতে কয় যে মহানগৰীৰ যথেষ্টখিনি উন্নয়ন হৈছে। তেওঁ কয়, ”গুৱাহাটীৰ উন্নয়ন নোহোৱা নহয়, কিন্তু মেঘালয়ৰ পৰা অহা পানী আমি ৰোধ কৰিব পৰা নাই।’’

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ