গৌৰৱ-অখিলৰ পত্নীক আক্ৰমণ, ৰকিবুলৰ প্ৰহাৰ, মহবুবুলৰ গ্ৰেপ্তাৰ স্বৈৰতন্ত্ৰৰ লক্ষণ

গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথক আক্ৰমণ, ৰকিবুল হুছেইন আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ, অখিল গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীক আক্ৰমণ, আচাৰ্য মহবুবুল হকৰ গ্ৰেপ্তাৰক তীব্ৰ বিৰোধ কৰি এয়া স্বৈৰতন্ত্ৰৰ লক্ষ‍ণ বুলি চিন্তা ব্যক্ত কৰিছে অসম নাগৰিক সমাজে৷ অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এক বিবৃতি যোগে অসমত যোৱা কেইদিনমানত ঘটা ঘটনা কিছুমানে আমাক হতবাক কৰিছে বুলি কয়। বিবৃতি যোগে অসম নাগৰিক সমাজে কয় যে প্ৰথম ঘটনাটোৰ কেন্দ্ৰবিন্দু আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ। স্বয়ং মুখ‍্যমন্ত্ৰীৰ উদ‍্যোগত কিছুমান মনেসজা অভিযোগত তেওঁলোক দুয়ো পাকিস্তানৰ এজেণ্ট বুলি তেওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ‍্যম আৰু প্ৰচাৰ মাধ‍্যমৰ যোগেদি এক ভুৱা প্ৰচাৰ আৰু চৰিত্ৰহনন অভিযান চলোৱা হ’ল। তাৰ পিছত আমি প্ৰত্যক্ষ‍ কৰিলো সাংসদ, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত ৰূপহীহাটত চলোৱা শাৰীৰিক আক্ৰমণ। মনত ৰাখিব অকল ৰকিবুল হুছেইনেই নহয়, তেওঁৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণৰ লক্ষ‍্য কৰি লোৱা হ’ল। এই দুটা ঘটনাৰ পিছত আকৌ মুখ‍্যমন্ত্ৰীয়ে কোনো যুক্তি-অৰ্থ নোহোৱাকৈ আক্ৰমণৰ লক্ষ‍্য কৰি ল’লে অখিল গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীক। এই তিনিওটা ঘটনাক অসমৰ ৰাইজে সমস্বৰে ধিক্কাৰ দিছে। কিন্তু তিনিওটা ঘটনাৰ মাজত এটা মিল আছে। গৌৰৱ গগৈ এজন সুচিন্তিত আৰু আকৰ্ষণীয় ব‍্যক্তিত্বৰ অধিকাৰী বিৰোধী ৰাজনীতিক। সমগ্ৰ অসমত বিশেষকৈ উজনি অসমত তেওঁ এজন জনপ্ৰিয় নেতা। আগন্তুক ২০২৬-ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেইটো ইতিমধ‍্যে স্পষ্ট হৈ পৰিছে। সেইকাৰণে জনমানসত তেওঁৰ ভাৱমূৰ্তি হেয় কৰাৰ এই অপপ্ৰচাৰ। ৰকিবুল হুছেইন কংগ্ৰেছৰ এজন শক্তিশালী সংখ‍্যালঘু নেতা। লোকসভা নিৰ্বাচনত তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বিক দহ লাখ ভোটত পৰাজিত কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিছিল। ৰকিবুল হুছেইনৰ দৰে প্ৰতাপী ৰাজনীতিককে যদি দিন দুপৰত শাৰিৰীকভাৱে এনেকৈ আক্ৰমণ কৰিব পাৰি, তেন্তে আন ৰাজনীতিক কোন কূটা! অখিল গগৈ এক শক্তিশালী বিৰোধী কন্ঠ। তেওঁ সময়ে সময়ে চৰকাৰৰ কু-কৰ্মৰ স্বৰূপ ৰাইজৰ সন্মুখত উদঙাই দি আছে। গতিকে চলে বলে কৌশলে অখিল গগৈৰ মুখ বন্ধ কৰিব লাগে। সেয়ে অখিল গগৈক ল’ৰাব নোৱাৰি দলীয় ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নথকাত গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীক বিনা কাৰণত আক্ৰমণ আৰু সমালোচনাৰ উপলক্ষ কৰি লোৱা হ’ল। একেবাৰে শেহতীয়া ঘটনাটো হ’ল মেঘালয়ৰ বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ‍্যালয়ৰ আচাৰ্য মহবুবুল হকক মাজনিশা কৰা গ্ৰেপ্তাৰ। মহবুবুল হকৰ বিৰুদ্ধে আজি বেচ কিছুদিনৰ পৰা অসমৰ মুখ‍্যমন্ত্ৰীগৰাকীয়ে নানা অভিযোগ কৰি আহিছে। তাৰ বা কি অভিসন্ধি আৰু গোপন ৰহস‍্য! যোৱা এক দশকৰ বিজেপি শাসনকালত আমি এটা কথা লক্ষ‍্য কৰিছো। বিজেপিয়ে তেওঁলোকৰ ৰাজনীতি আৰু মতাদৰ্শৰ বিৰোধিতা কৰা বিৰোধী ৰাজনৈতিক দল আৰু লেখক-বুদ্ধিজীৱী আৰু অন‍্যসকলক দুৰ্বল কৰিবলৈ কেতবোৰ পদ্ধতি আৰু কৌশল অবলম্বন কৰে। এই পদ্ধতি আৰু কৌশলবোৰ হৈছে ভুৱা প্ৰচাৰ, চৰিত্ৰহনন, গোচৰ তৰা আৰু শাৰীৰিক আক্ৰমণ আৰু ভীতি প্ৰদৰ্শন কৰা। এই আটাইবোৰ হৈছে স্বৈৰতন্ত্ৰৰ লক্ষ‍ণ। তাৰ বিপৰীতে গণতন্ত্ৰৰ মূল বৈশিষ্ট‍্য হ’ল বাক-স্বাধীনতা আৰু মুকলি বিতৰ্ক। আমি ভাবো শেহতীয়াকৈ ঘটা এই ঘটনাবোৰ ভৱিষ‍্যতৰ আগজাননী। তাৰমানে ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ সময় যিমানে আগবাঢ়ি আহিব সিমানে বিৰোধীক এনে ভয়-ভাবুকি, ভুৱা প্ৰচাৰ আৰু শাৰীৰিক আক্ৰমণৰ লক্ষ‍্য কৰি লোৱা হ’ব। এনে এক পৰিস্থিতিত গণতন্ত্ৰ আৰু আইনৰ শাসনৰ পক্ষে থকা ৰাজনৈতিক দল, সাধাৰণ নাগৰিক, লেখক-বুদ্ধিজীৱী আৰু নাগৰিক সমাজৰ প্ৰতিক্ৰিয়া কি হোৱা উচিত? তেওঁলোক সকলোৱে ঐক‍্যবদ্ধ হৈ নিৰ্ভীকভাৱে এই অপপ্ৰচাৰ, চৰিত্ৰহনন, ভয়-ভাবুকি আৰু শাৰীৰিক আক্ৰমণৰ প্ৰতিবাদ কৰিব লাগিব৷ তাৰ বিৰুদ্ধে অহিংস আৰু শান্তিপূৰ্ণভাৱে ৰাজপথৰ আন্দোলনত নামিব লাগিব বুলি কয় অসম নাগৰিক সমাজে৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে