গৌৰৱৰ ৰাজ অভিষেক, এইখন চৰকাৰে চাৰিজন ঠিকাদাৰক চিনি পায়

আজি অসম কংগ্ৰেছ পৰিয়ালৰ বাবে এটি বিশেষ দিন। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই অভিষেক অনুষ্ঠানত জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মী আৰু সমৰ্থকসকল উপস্থিত থাকে। গৌৰৱ গগৈয়ে এই দায়িত্বক “কংগ্ৰেছ দলৰ জীয়াই থকা আত্মা” বুলি আখ্যা দিয়ে আৰু কয়, “মই অকলে একো কৰিব নোৱাৰো; আপুনালোকৰ সহায়-সহযোগৰ প্ৰয়োজন।”

বৃহৎ সমাবেশত গৌৰৱ গগৈয়ে দলটোক শক্তিশালী কৰাৰ আহ্বান জনাই কয় যে কংগ্ৰেছ কেৱল কোনো পদবীৰ নহয়, কংগ্ৰেছ হৈছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে দল। তেওঁ চৰকাৰী বিতৰ্কিত নিৰ্মাণ আৰু সমগ্ৰ ৰাজ্যত উদ্ভৱ হোৱা বিভিন্ন অনিয়মৰ বিপক্ষে কংগ্ৰেছক দৃঢ়ভাৱে আগবাঢ়িবলৈ আহ্বান জনায়।

গৌৰৱ গগৈয়ে উল্লেখ কৰে, “আমি ভয় নকৰো। বিজেপিয়ে যিমান গোচৰ দিব, দাগ লগাব, আমি অসমৰ ৰাইজৰ আশীৰ্বাদৰে সেই দাগ মোহাৰি পেলাম।” তেওঁ স্পষ্ট কৰি দিয়ে যে, “আমি অহা নিৰ্বাচনলৈ ইতিমধ্যে ল’ৰা-ছোৱালীৰ, ডেকাসকলৰ, মহিলা আৰু সকলো জনগোষ্ঠীৰ সৈতে দলক শক্তিশালী কৰি তুলিম।”

অন্যহাতে, গৌৰৱ গগৈয়ে অসম চৰকাৰে মাত্ৰ চাৰিজন ঠিকাদাৰক চিনি পাবলৈ সক্ষম বুলি কটাক্ষ কৰে। তেওঁ কয়, “আগতে কংগ্ৰেছ চৰকাৰৰ দিনত গাঁৱৰ ঠিকাদাৰে কাম পাইছিল। আজি তেওঁলোক ধ্বংস হৈ গ’ল। আমাৰ কাম হৈছে পুনৰ সেই গাঁওলীয়া ঠিকাদাৰৰ মাজত নতুন আশা জগোৱা।”

সমগ্ৰ অনুষ্ঠানত গৌৰৱ গগৈয়ে সকলো ভাতৃ সংগঠন, সেলসমূহক (যেনে অবিচি চেল, ছ’চিয়েল মিডিয়া চেল, এছচি-এছটি চেল, কিষাণ কংগ্ৰেছ আদি) নিজৰ নিজৰ দায়িত্ব ল’বলৈ আহ্বান জনায়। তেওঁৰ শপত– “আমি যদি একত্ৰিত হৈ কাম কৰো, ২০২৬ৰ নিৰ্বাচনত আমি বিজয়ী হ’ম। আজি আমাৰ দায়িত্ব হ’ল কংগ্ৰেছ দলক গাঁও, বুথ, মণ্ডল আৰু জিলাৰ স্তৰত শক্তিশালী কৰা।”

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে