
মৰিগাঁওৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ পথৰ কাষত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
মঙলবাৰে নিশা মৰিগাঁও চহৰৰ ডেঙাগুৰিত তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত উদ্ধাৰ হয় জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাক।
ঘৰৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত পথৰ দাঁতিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা সাংবাদিকগৰাকীক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰাতুল ডেকাক।
জানিব পৰা মতে, নিশা ঘৰলৈ ওভতাৰ সময়তে ৰহস্যজনকভাৱে পথৰ কাষত উদ্ধাৰ হয় সাংবাদিকগৰাকী।
সাংবাদিকগৰাকীৰ ৰক্তাক্ত দেহৰ কাষতে পৰি আছিল তেওঁ চলাই অহা মটৰ চাইকেলখনো।
কোনো তীব্ৰবেগী বাহনে সাংবাদিকগৰাকীক খুন্দা মাৰি সেই স্থানৰ পৰা পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
আনহাতে একাংশই এয়া পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ ব্যক্ত কৰিছে।
উল্লেখ্য যে, মৰিগাঁও জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাও আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।