
যোৱা ২৫ এপ্ৰিলত নগাঁও জিলাৰ ৰাইডঙীয়াত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত পালন কৰা আম্বেদকাৰ জন্ম-জয়ন্তীত ৰাজ্যৰ অনুসূচিত জাতিৰ প্ৰায়সমূহ ছাত্ৰ আৰু জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ মঞ্চৰ পৰাই সংগঠনসমূহৰ নেতৃত্বই অনাগত দিনত একত্ৰিত আৰু শক্তিশালী ৰূপত কাম কৰাৰ সংকল্প লয়৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আম্বেদকাৰ জন্ম-জয়ন্তীত আম্বেদকাৰৰ জীৱনাদৰ্শন, আদৰ্শ আদিৰ চৰ্চা কৰা হয়৷ অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ সমস্যা, অধিকাৰ আদি বিষয়ত আলোচনা কৰা হয়৷ আম্বেদকাৰ জন্ম-জয়ন্তীৰ কাৰ্যসূচীসমূহত অসমত সক্ৰিয় অনুসূচিত জাতিৰ সংগঠনসমূহৰ নেতৃত্ব উপস্থিত থাকে৷ উক্ত দিনা পতাকা উত্তোলন, স্বচ্ছতা অভিযান, আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, সম্বৰ্ধনা, বঁটা প্ৰদান আদি কাৰ্যসূচী ৰূপায়নৰ লগতে আম্বেকদাৰ জন্ম-জয়ন্তীৰ মঞ্চৰ পৰা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ জড়িয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰ যোগে চাৰিটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে৷ মুঠ চাৰিটা দাবীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰেৰণ কৰা স্মাৰক পত্ৰত মাজুলীত সতী ৰাধিকাৰ নামত বিশ্ববিদ্যালয়, বটদ্ৰৱাৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত উন্নয়ন, প্ৰতিখন জিলাত সতী ৰাধিকা আৰু বাবা চাহেব আম্বেদকাৰৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷ স্মাৰক পত্ৰৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই লিখিছে, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমৰ তৰফৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ ওলগ যাচিছো। লগতে আপোনাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিছো। এই স্মাৰক পত্ৰ যোগে আপোনাক নিম্নিলিখিত দাবী কেইটা উত্থাপন কৰিছো। (১) মাজুলীত থকা ১০০ বিঘা মাটিত আই সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰক। (২) আই সতী ৰাধিকাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ উন্নয়ন কৰিবলৈ ৫০ কোটি টকাৰ অনুদান ঘোষণা কৰক। (৩) প্ৰতিখন জিলাৰ সদৰত আই সতী ৰাধিকা আৰু সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ আৱক্ষ মূৰ্তি স্থাপন কৰক। (৪) গুৱাহাটীত পাৰ্ক, মিউজিয়াম, প্ৰেক্ষাগৃহ, অতিথিগৃহ, একেলগে ঠাইতে স্থাপন কৰা এক সংহত প্ৰকল্পৰ নাম সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ নামত নামকৰণ কৰক।